চৰাইৰ সৈতে খুন্দা: উৰা মৰাৰ পাছতে উভতিব লগা হ’ল ইণ্ডগ’ বিমান

IndiGo flight turns back after bird hit

গুৱাহাটীৰ বিমানবন্দৰৰ পৰা দিল্লী অভিমুখী ইণ্ডিগ’ৰ এখন বিমান দেওবাৰে উৰা মৰাৰ কিছু মুহূৰ্তৰ পিছতে আকাশতে চৰাইৰ সৈতে খুন্দা খোৱাৰ বাবে পুনৰ গুৱাহাটী বিমানবন্দৰলৈ উভতি আহিবলৈ বাধ্য হয়।

এই আকস্মিক ঘটনাৰ বাবে ইণ্ডিগ’ই বিমানখনৰ যাত্ৰা লগে লগে বাতিল কৰে আৰু বিমানত থকা যাত্ৰীসকলক আন এখন বিমান যোগে দিল্লী যাত্ৰাৰ ব্যৱস্থা কৰি দিয়ে।

” ১,৬০০ ফুট উচ্চতাত বিমানখনৰ ১ নম্বৰ ইঞ্জিন (ভিটি-আইটিবি) চৰাইৰ আঘাতৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল। লগে লগে ইঞ্জিনটো বন্ধ কৰি দিয়া হয়। বিমানখন সুৰক্ষিতভাৱে গুৱাহাটীলৈ পুনৰ উভতি আহিছিল।”- এই আকস্মিক দুৰ্ঘটনাৰ তদন্ত কৰি থকা এজন জ্যেষ্ঠ বিষয়াই কয়।

উল্লেখ্য যে একে সময়তে চৰাইৰ খুন্দাৰ বাবে স্পাইচজেটৰো এখন বিমানে পাটনা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিব লগা হৈছিল।

আকাশী পথতে চৰাইৰ সৈতে খুন্দা খোৱাৰ পিছত বিমানখনৰ ইঞ্জিনৰ পৰা ধোঁৱা নিৰ্গত হোৱাৰ লগতে কিছু অংশত জুইও লাগে।

এনে অৱস্থাত বিমান পৰিচালক সকলে তৎকালীনভাৱে বিমানখন পাটনা বিমানবন্দৰত অৱতৰণ কৰে।

আনহাতে কেবিনৰ চাপ বিকল হোৱাৰ বাবে কেৰিয়াৰৰ আন এখন বিমান দিল্লী বিমানবন্দৰলৈ উভতি যাবলগীয়া হৈছিল।