অনন্য! টী-২০ ক্ৰিকেটত ইণ্ডোনেছিয়াৰ স্পিনাৰৰ বিশ্ব অভিলেখ; ০ ৰানত দখল কৰিলে ৭টা উইকেট

ফটোঃ সংগ্ৰহীত।

টী-২০ ক্ৰিকেটত এজন বলাৰৰ নামৰ কাষত ৭টা উইকেট। এয়া এক বিৰল ঘটনা। তাকো যদি ০ ৰানৰ বিনিময়ত হয়! আন্তঃৰাষ্ট্ৰীয় টী-২০ত ইতিহাস সৃষ্টি কৰিছে ইণ্ডোনেছিয়াৰ অফস্পিনাৰ ৰোহমালিয়াই।

কেৱল মহিলা টী-২০ ক্ৰিকেটতে নহয়, ৰোহমালিয়াই পুৰুষ আৰু মহিলা উভয় ক্ৰিকেটতে আন্তঃৰাষ্ট্ৰীয় টী-২০ মেচত শ্ৰেষ্ঠ বলিং পৰিসংখ্যাৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

বালিত মংগোলিয়াৰ বিৰুদ্ধে পঞ্চম টী-২০ত ৰোহমালিয়াই ৩.২ অভাৰত এটাও ৰান নিদিয়াকৈ ৭টা উইকেট দখল কৰে। তেওঁৰ তিনিওটা অভাৰেই মেডেন। বাকী বলিং কৰা দুটা বলতো কোনো ৰান দিয়া নাছিল। এইখন আকৌ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ প্ৰথম মেচ আছিল!

লগতে পঢ়কঃ IPL 2024: মুখলৈ পানী আহিল কোহলী বাহিনীৰ; ধাৰাবাহিক পৰাজয়ৰ পিছত SRHৰ বিৰুদ্ধে জয়ী RCB

১৭ বছৰীয়া অফস্পিনাৰগৰাকীৰ পূৰ্বে মহিলাৰ টী-২০ আন্তঃৰাষ্ট্ৰীয় মেচত শ্ৰেষ্ঠ বলিং পৰি  সংখ্যা আছিল নেদাৰলেণ্ডৰ ফ্ৰেড্ৰিক অভাৰডাইকৰ। ২০২১ চনৰ আই চি চি মহিলা টী-২০ বিশ্বকাপ ইউৰোপ জ’ন কোৱালিফায়াৰত ফ্ৰান্সৰ বিৰুদ্ধে ৪ অভাৰত ২ অভাৰ মেডেন বলিং কৰিছিল। ফ্ৰেডেৰিকে ৩ ৰাণ দি ৭টা উইকেট দখল কৰিছিল।

ৰোহমালিয়াই টী-২০ মেচত ৭টা উইকেট দখল কৰা ইতিহাসৰ চতুৰ্থজন বলাৰ। তেওঁৰ পূৰ্বে এই অভিলেখ আছে নেদাৰলেণ্ডৰ ফ্ৰেডেৰিক অভাৰডাইক (৭/৩), আৰ্জেণ্টিনাৰ এলিছন ষ্টকছ (৭/৩) আৰু মালয়েছিয়াৰ ছিয়াজৰুল এজাট ইড্ৰাছৰ (৭/৮)।