সাংবাদিক বেদিশ চন্দ্ৰ নাথ আৰু সমীন কলিতালৈ সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা-২০২০-২১

সাংবাদিক অসম কৰ্ম পৰিষদ অসমৰ গোৱালপাৰা জিলা সমিতিয়ে প্ৰয়াত সাংবাদিক ইন্দ্ৰমোহন হাকাচামৰ স্মৃতিত যোৱা ২০০৮ বৰ্ষৰ পৰাই প্ৰতিবছৰে “সংবাদ ইন্দ্ৰ গ্ৰাম্য” বঁটা প্ৰৱৰ্তন প্ৰদান কৰি আহিছে৷

আজি দুধনৈ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হোৱা সাংবাদিক অসম কৰ্ম পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি নীলমনি শৰ্মাই সভাপতিত্ব বহা এখন সভাত এক প্ৰেছ বিজ্ঞপ্তি যোগে গোৱালপাৰা জিলাৰ সাংবাদিক বেদিশ চন্দ্ৰ নাথ আৰু হাজোৰ সাংবাদিক সমীন কলিতালৈ “সংবাদ ইন্দ্ৰমোহন হাকাচাম বঁটা আগ আগবঢ়োৱাৰ কথা ঘোষণা কৰা হয়৷

সংবাদ ইন্দ্ৰ গ্ৰাম্য ২০২০ বঁটাৰ বাবে নিৰ্বাচিত গোৱালপাৰা জিলাৰ লক্ষীপুৰ আস্থানৰ বৈদ্যুতিন মাধ্যম প্ৰাগ নিউজৰ সাংবাদিক বেদিশ চন্দ্ৰ নাথে ২০০৪ চনত “এন ই টিভিত” যোগদান কৰিছিল৷ তাৰ পিচত ২০১০ বৰ্ষত “এদিনৰ সংবাদ” কাকতৰ বাবে বগুৱানৰ সংবাদদাতা হিচাবে নিয়োজিত হৈছিল৷

২০১৬ চনত “ফকাচ এন ই টিভি”ত লক্ষীপুৰৰ আস্থানৰ পৰা বাতৰি পৰিৱেশন কৰিছিল৷ ২০১৮ চনত “নিউজ ১৮ নৰ্থ ইষ্ট” টিভিত বাতৰি পৰিবেশন কৰিছিল৷ শেহতীয়া ভাবে ২০১৯ চনৰ পৰা বৰ্তমানলৈ প্ৰাগ নিউজ সাংবাদিক হিচাবে ৰাইজৰ সেৱা আগবঢ়াই আহিছে৷ ২০০৪ চনৰ পৰাই সাংবাদিকতা জীৱন আৰম্ভ কৰি বৰ্তমানলৈ সংবাদ সেৱাৰ লগত ব্ৰতী হৈ সাংবাদিকতাৰ ক্ষেত্ৰ খনত যঠেষ্ঠ অৰিহনা আগবঢ়াই আহিছে৷

আনহাতে “সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা” ২০২১ৰ বাবে নিৰ্বাচিত কামৰূপ জিলাৰ হাজোৰ অসমৰ আগশাৰীৰ কাকত “দৈনিক অসমৰ” সাংবাদিক সমীন কলিতাই ১৯৭২ চনৰ পৰা “অসম বাতৰি” কাকতৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰে৷ ১৯৭৩ চনত “আমাৰ প্ৰগতি”, ১৯৮৩ চনৰ পৰা “তিনিদিনীয়া বাতৰি” আৰু ১৯৮৬ চনৰ পৰা বৰ্তমানলৈ “দৈনিক অসম” কাকতত হাজোৰ পৰা সাংবাদদাতা হিচাবে কাম কৰি আছে৷ সংবাদ সেৱাৰ উপৰিও তেওঁ ১৯৭৫ চনৰ পৰা ১৯৮২ চনলৈ সাপ্তাহিক “অসম ৰাইজ”, ১৯৭৭ চনত “মৌচাক”, “সঞ্জীৱনী”,১৯৭৮ চনত “সৃষ্টি”, ১৯৭৯ চনৰ পৰা ১৯৮০ চনলৈ “নতুন অসমীয়া”, ১৯৮১ চনৰ পৰা ১৯৮৪ চনলৈ “সাপ্তাহিক নাগৰিক”, ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈ সাপ্তাহিক “অসম বাণী”, কাকতত সহকাৰী সম্পাদক, ষ্টাফ ৰিপৰ্টাৰ তথা প্ৰুফ ৰিডাৰ হিচাবে কাম কৰিছিল৷

সংবাদ সেৱাৰ লগতে সমীন কলিতাই সাহিত্য সাধনাৰ জৰিয়তে ৪৭ খন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভেটি টনকিয়াল কৰিছে৷ ইয়াৰ উপৰিও সমীন কলিতা সমাজকৰ্মী হিচাবেও পৰিচিত৷ দুয়োগৰাকী সাংবাদিকক উক্ত বঁটা দুটা অহা ২৯ জানুৱাৰী ২০২২ত কৃষ্ণাই টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ত আনুষ্ঠানিক ভাবে প্ৰদান কৰা হব বুলি সাংবাদিক কৰ্ম পৰিষদ অসমৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি নীলমনি শৰ্মা আৰু সম্পাদক কন্দৰ্প নাথে সংবাদ মাধ্যমক জানিবলৈ দিছে৷