NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত ৰহস্যজনক পৰিস্থিতিত কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ

December 7, 2019 6:46 am · অভিক চক্ৰৱৰ্তী
প্ৰতিনিধিত্বমূলক ফটো

ডিব্ৰুগড় চহৰৰ পৰা ১০ কিলোমিটাৰ আঁতৰৰ চাউলখোৱাত শুকুৰবাৰে এক ৰহস্যজনক পৰিস্থিতিত এটি ২৭দিনীয়া কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ হয়।

অভিভাৱকে জানিবলৈ দিয়া মতে কন্যা কেঁচুৱাটি মাকৰ সৈতে শুই আছিল যদিও ৰাতিপুৱা হেৰাই থাকে।

পাছত কেঁচুৱাটিৰ মৃতদেহ এটা ওচৰতে থকা পায়খানাৰ টেংকীৰ পৰা উদ্ধাৰ কৰা হয়।

‘’নিশা ২মান বজাত মই বাথৰুমলৈ গৈছিলো। তেতিয়া মোৰ ছোৱালীজনী মাকৰ সৈতে শুই থকা দেখিছিলো। প্ৰায় ৪.৩০ বজাত মই আকৌ সাৰ পাই উঠি দেখো যে মোৰ ছোৱালীজনী বিচনাৰ পৰা নোহোৱা হৈছে,’’-কেঁচুৱাটিৰ পিতৃ ছাজিদুল আলীয়ে কয়।

‘’আমি ততাতয়াকৈ পৰিয়ালৰ আন লোকসকলক কথাটো জনাও আৰু বিচাৰ-খোচাৰ আৰম্ভ কৰো। আমি দেখিবলৈ পাওঁ যে মূল দুৱাৰখন খোলা আছে,’’-তেওঁ লগতে কয়।

‘’আমি ভয়ানক কিবা এটা ঘটা বুলি কিছু শংকিত হৈ পৰো আৰু আমাৰ ছোৱালীজনীক বিচৰা আৰম্ভ কৰো আৰু পাছত আমাৰ ঘৰৰ ওচৰৰে এটা খোলা পায়খানাৰ টেংকীৰ পৰা তাইৰ মৃতদেহটো উদ্ধাৰ কৰো,’’-তেওঁ কয়।

আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে লগতে কেঁচুৱাটিৰ পিতৃ, তেওঁৰ জ্যেষ্ঠ ভাতৃ তথা পিতৃক এই সন্দৰ্ভত জেৰা কৰিছে।

কেঁচুৱাটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছে।

‘’বৰ্তমানলৈকে আমি একো ক’ব নোৱাৰো কিয়নো তদন্ত একেবাৰে প্ৰাথমিক পৰ্যায়ত আছে,’’-আৰক্ষীয়ে মন্তব্য কৰে।

Related News