• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বৰ শীৰ্ষ ১০০ শ্ৰেষ্ঠ কোম্পানীৰ তালিকাত কেৱল এটা কোম্পানী: চাওক, কোনে লাভ কৰিছে স্থান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2023 5:58 pm
TIME World's 100 Best Companies List
1.2k
VIEWS
Share on FacebookShare on Twitter

টাইম মেগাজিন আৰু অনলাইন ডাটা প্লেটফৰ্ম ষ্টেটিষ্টাই সংকলন কৰিছে ২০২৩ বৰ্ষৰ বিশ্বৰ শ্ৰেষ্ঠ কোম্পানীৰ এখন তালিকা। এই তালিকাৰ শীৰ্ষ ১০০ কোম্পানীৰ ভিতৰত স্থান লাভ কৰিছে মাত্ৰ এটা ভাৰতীয় কোম্পানীয়ে।

ভাৰতৰ কেৱল ইনফ’ছিছ লিমিটেডে স্থান লাভ কৰিছে টাইম আৰু ষ্টেটিষ্টাৰ দ্বাৰা সংকলিত এই তালিকাৰ শীৰ্ষ ১০০ শ্ৰেষ্ঠ কোম্পানীৰ ভিতৰত। তালিকাত ইনফ’ছিছক ৬৪ সংখ্যক স্থানত স্থান দিয়া হৈছিল।

মাইক্ৰ’ছফ্ট, এপল, গুগলৰ স্বত্বাধিকাৰী কোম্পানী আলফাবেট আৰু মেটা প্লেটফৰ্মছৰ দৰে প্ৰখ্যাত টেক কোম্পানীয়ে এই তালিকাৰ শীৰ্ষৰ ফালে স্থান দখল কৰা

টাইম আৰু ষ্টেটিষ্টাই বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা মুঠ ৭৫০টা কোম্পানীৰ এক তালিকা নিৰ্মাণ কৰিছে। ৰাজহ বৃদ্ধি, কৰ্মচাৰীৰ সন্তুষ্টিৰ জৰীপ, বহনক্ষমতা ইত্যাদি তথ্যৰ সূত্ৰৰ ওপৰত ভিত্তি কৰি তালিকা প্ৰকাশ কৰা হৈছে।

দ্ৰুতগতিত আগবাঢ়ি অহা টেক আৰু ব্যৱসায়িক সেৱা কোম্পানীসমূহে এসময়ত বিশ্ব অৰ্থনীতিক আগুৱাই নিয়া নিৰ্মাণ খণ্ডৰ কোম্পানী আৰু গ্ৰাহক সামগ্ৰী কোম্পানীসমূহক ক্ৰমশ: পিছলৈ ঠেলি দিয়া স্পষ্টকৈ প্ৰতিফলিত হৈছে এই তালিকাত।

এই তালিকাত একমাত্ৰ ভাৰতীয় কোম্পানী হিচাপে ইনফ’ছিছে শীৰ্ষৰ ১০০ ৰ ভিতৰত স্থান লাভ কৰাৰ বিপৰীতে আন সাতটা ভাৰতীয় কোম্পানীয়ে ৭৫০ টা কোম্পানীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

উইপ্ৰ’ লিমিটেডে ১৭৪ নম্বৰ, মহিন্দ্ৰা গ্ৰুপ ২১০, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে ২৪৮, এইচ চি এল টেকন’লজিছ লিমিটেডে ২৬২, এইচ ডি এফ চি বেংক ৪১৮, ডব্লিউ এন এছ গ্ল’বেল চাৰ্ভিচেছ ৫৯৬ আৰু আই টি চি লিমিটেডে ৬৭২ নম্বৰ স্থান লাভ কৰে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd