ভাৰতৰ সৰ্ববৃহৎ আইটি কোম্পানী টাটা কনছালটেন্সি চাৰ্ভিচেছে একেলগে ১২ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ বিপৰীতে ইনফ’ছিছে এটা ইতিবাচক খবৰ দিছে। এইবাৰ আইটি কোম্পানীটোৱে মুঠ ২০ হাজাৰ কৰ্মচাৰী নিযুক্তি দিবলৈ ওলাইছে।
উল্লেখ্য যে, ভাৰতৰ ২৮৩ বিলিয়ন ডলাৰৰ তথ্য প্ৰযুক্তিৰ বজাৰ কিছু দুৰ্বল হৈ পৰিছে। ইয়াৰ এটা কাৰণ হ’ল চাহিদা হ্ৰাস। ইয়াৰ উপৰিও স্থায়ী মুদ্ৰাস্ফীতি আৰু আমেৰিকাৰ নতুন বাণিজ্য নীতিয়ে প্ৰভাৱ পেলাইছে। যোৱা মাহত টিচিএছৰ বেঞ্চিং নীতি সলনি কৰা হৈছে। তেওঁলোকে নতুন সহযোগীৰ বাবে নিয়োগ নীতি লৈ আহিছে। এবছৰত প্ৰতিজন কৰ্মচাৰীৰ বাবে ২২৫ দিনৰ বিলিং বাধ্যতামূলক কৰা হৈছে। বেঞ্চৰ সময় বছৰত ৩৫ দিনলৈ হ্ৰাস কৰা হৈছে। এই সকলোবোৰৰ মাজতে ইনফ’ছিছে নিযুক্তিৰ কথা ঘোষণা কৰিছে।