NORTHEAST NOW (Assamese)

অমানৱীয়! ১২টা কুকুৰৰ ভৰি-মুখ বান্ধি বস্তাত ভৰাই পেলাই দিয়া হ’ল নদীত,তাৰপাছত?

August 4, 2024 9:56 am · এন ই নাও নিউজ, গুৱাহাটী

মানুহ কিমান অমানৱীয় হ’ব পাৰে তাৰ আন এক উদাহৰণ মধ্যপ্ৰদেশ দেখা গ’ল। বস্তাত বান্ধি কেইবাটাও কুকুৰ নদীত পেলাই দিয়া হয়। সকলোৰে মুখ-ভৰি বান্ধি থোৱা আছিল। এনে ঘটনা কোনে সংঘটিত কৰিলে সেয়া জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অৱশ্যে কুকুৰকেইটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে কাৰো মৃত্যু হোৱা নাছিল।

মধ্যপ্ৰদেশৰ ভোপালৰ পৰা ৫০০ কিলোমিটাৰ পূবে সতনা নামৰ ঠাই এখন আছে। এই ঘটনা তাতেই হৈছে। আৰক্ষীয়ে জনোৱা মতে, এখন দলঙৰ পৰা বস্তাত ভৰাই নদীত পেলাই দিয়া হৈছে একাংশ কুকুৰ। সকলোৰে মুখ-ভৰি ৰছীৰে বান্ধি থোৱা আছিল। কিন্তু একাংশ লোকৰ বাধাৰ বাবে সেয়া সম্ভৱ নহ’ল। আৰক্ষীয়ে জনোৱা মতে, বেগটোত কমেও ১২টা কুকুৰ আছিল।

এই ঘটনাত ইতিমধ্যে নন্দু আৰু প্ৰদীপ বাছাৰ নামৰ দুজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে আৰক্ষীয়ে তেওঁলোকক এতিয়াও ধৰিব পৰা নাই। দুয়ো পলাতক বুলি জানিব পৰা গৈছে। ইফালে কুকুৰকেইটা উদ্ধাৰ কৰি স্থানীয় এলেকাত মুকলি কৰি দিয়ে। আৰক্ষীয়ে জানিব পাৰিছে যে অভিযুক্ত দুজন কোতৱালি অঞ্চলৰ বজৰাহা টোলীৰ বাসিন্দা। তেওঁলোকৰ ঘৰলৈ গৈ আৰক্ষী জেৰা কৰি আছে।

নন্দু আৰু প্ৰদীপে কুকুৰকেইটাক নদীত পেলাবলৈ ই-ৰিক্সা এখন লৈ আহিছিল। ৰাজপথৰ চিচিটিভি ফুটেজৰ পৰা আৰক্ষীয়ে তেওঁলোকৰ ছবি লাভ কৰে। সেই পৰিপ্ৰেক্ষিতত দুয়োজনৰ সন্ধানত অনুসন্ধান চলোৱা হৈছে। অনুমানিকভাৱে, তেওঁলোকে এইদৰে অধিক কুকুৰ, মেকুৰী বা আন জীৱ-জন্তুক অত্যাচাৰ কৰিব পাৰে। গতিকে তেওঁলোকৰ ঘৰতো তালাচী চলোৱা হ’ল। অৱশ্যে একো উদ্ধাৰ হোৱা নাই।

Related News