কাটাৰৰ কাৰাগাৰত তিনিমাহ ধৰি বিনা অভিযোগত বন্দী ভাৰতীয় অভিযন্তা! এনে অভিযোগৰ পোহৰত অমিত গুপ্তা নামৰ অভিযন্তাজনৰ পৰিয়ালে তেওঁক মুক্তিৰ দাবী জনাই প্ৰধানমন্ত্ৰীৰ কাষ চাপে। জানিব পৰা মতে, ১ জানুৱাৰীত অমিতক গ্ৰেপ্তাৰ কৰা হৈছিল। ৩ মাহৰ পাছতো তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন হোৱা নাই আৰু তেওঁক অন্যায়ভাৱে কাৰাগাৰত ভৰোৱা হৈছে। এই ঘটনা সন্দৰ্ভত ভাৰতীয় দূতাবাসে কাটাৰ প্ৰশাসন, অভিযন্তাজনৰ পৰিয়াল, আৰু তেওঁৰ অধিবক্তাৰ সৈতে যোগাযোগত আছে।
গুজৰাটৰ বদোদৰাৰ বাসিন্দা অমিত ২০১৩ চনৰ আগষ্ট মাহত আই টি ফাৰ্ম টেক মহিন্দ্ৰাৰ কৰ্মচাৰী হিচাপে কাটাৰলৈ গৈছিল। তেতিয়াৰ পৰাই তেওঁ তাতেই আছে। অভিযোগ অনুসৰি চলিত বৰ্ষৰ ১ জানুৱাৰীত অমিত খাবলৈ ওলাই গৈছিল। তেতিয়াই কাটাৰৰ নিৰাপত্তা বাহিনীয়ে তেওঁক লৈ গ’ল। সেই ঘটনাৰ তিনিমাহ পাৰ হৈ গ’ল যদিও কাটাৰ প্ৰশাসনে তেওঁলোকৰ সৈতে যোগাযোগ কৰা নাই। আনকি অমিতৰ বিৰুদ্ধে কোনো আইনী প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। তেওঁৰ বিৰুদ্ধে অন্যায়ভাৱে কাৰাগাৰত বন্দী হোৱাৰ অভিযোগ। যদিও আন সূত্ৰই দাবী কৰিছে যে তেওঁক ডাটা চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
ইফালে এই ঘটনা সন্দৰ্ভত বিজেপিৰ সাংসদ হেমাংগ যোশীয়ে কয় যে কাটাৰ প্ৰশাসনে অমিতক অন্যায়ভাৱে আটক কৰিছে। অমিতৰ পিতৃ-মাতৃয়ে এমাহৰ বাবে কাটাৰলৈ গৈছিল পুত্ৰক লগ কৰিবলৈ। কিন্তু দীৰ্ঘদিন ধৰি চেষ্টা কৰিও তেওঁলোকক লগ হ’বলৈ দিয়া নহ’ল। এই পৰিস্থিতিক লৈ অমিতৰ পৰিয়ালটো স্বাভাৱিকতে চিন্তিত হৈ পৰিছে। যদিও চৰকাৰে কাটাৰত থকা ভাৰতীয় দূতাবাসে এই বিষয়ে অৱগত বুলি উল্লেখ কৰিছে, দূতাবাসৰ সংস্পৰ্শত আছে পৰিয়াল আৰু অধিবক্তাৰ।