NORTHEAST NOW (Assamese)

যোৰহাটত আজিৰ পৰা আৰম্ভ আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা

August 17, 2018 12:30 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

যোৰহাটৰ কুশল কোঁৱৰ ইনড’ৰ ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হৈছে য়নেক্স-ছানৰাইজ আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা। যোৰাহাট জিলা বেডমিণ্টন সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই মুকলি প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে বুলি আয়োজকে জানিবলৈ দিয়ে।

২২ আগষ্টলৈ অৰ্থাৎ ছয়দিন ধৰি চলিবলগীয়া প্ৰতিযোগিতাখনত অসম বেডমিণ্টন সন্থাৰ স্বীকৃতিপ্ৰাপ্ত গুৱাহাটী, দৰং, গোলাঘাট, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, চৰাইদেউ, নাজিৰা, তেজপুৰ, নাহৰকটীয়া, ডিগবৈ, কোকৰাঝাৰ, ৰঙিয়া, কামৰূপ, নলবাৰী, শিলচৰ, যোৰহাট, নগাঁও, হাইলাকান্দি আৰু লখিমপুৰ জিলাৰ পৰা অভিলেখ সংখক ৮৬৫গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হ’ব।

উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখন বিভিন্ন শাখাত অনুষ্ঠিত হ’ব। দলীয় শাখাৰ লগতে ল’ৰা আৰু ছোৱালীৰ ১১,১৩, ১৫, ১৭, ১৯ বছৰ অনূৰ্দ্ধৰ লগতে পুৰুষ আৰু মহিলাৰ ছিংগলছ, ডবলছ আৰু মিক্সড ডবলছ শাখাত অনুষ্ঠিত হ’ব।

আজি পুৱা ১০ বজাত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদ, জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উদ্বোধনী অনুষ্ঠানত আয়োজক সন্থাৰ তৰফৰ পৰা অসম বেডমিণ্টনৰ পুৰোধা ব্যক্তি তথা বিশিষ্ট ক্ৰীড়া সংগঠক-প্ৰশিক্ষক প্ৰদীপ চলিহাক সম্বৰ্দ্ধনা জনোৱা হয় বুলি জানিব পৰা গৈছে।

Related News