কাইলৈ বাংলাদেশত গঠন হ’ব অন্তৱৰ্তীকালীন চৰকাৰ; প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’ব নোবেলজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছে

বাংলাদেশৰ ৰাজনৈতিক সংকটৰ মাজতে ছাত্ৰ নেতাসকলৰ আহ্বানৰ পাছত সংকটগ্ৰস্ত দক্ষিণ এছিয়াৰ দেশখনত নোবেল বিজয়ী মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিয়াৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নিযুক্তি হ’বলগীয়া মুৰব্বী নোবেল বিজয়ী মহম্মদ ইউনুছে সকলোকে “শান্ত হৈ থাকিবলৈ” আৰু “সকলো ধৰণৰ হিংসাৰ পৰা বিৰত থাকিবলৈ” আহ্বান জনায়, কিয়নো শ্বেখ হাছিনা চৰকাৰক উৎখাত কৰাৰ পাছত দেশখনৰ নিৰাপত্তা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন ঘটিছিল।

বৃহস্পতিবাৰে পেৰিছৰ পৰা ঘৰলৈ উভতি আহি দায়িত্ব ল’বলগীয়া ৮৪ বছৰীয়া অৰ্থনীতিবিদগৰাকীয়ে কয় যে, “আহক আমি আমাৰ নতুন জয়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰো। আমাৰ ভুলৰ বাবে এইটো হাতৰ পৰা আঁতৰি যাবলৈ নিদিওঁ।মই সকলোকে শান্ত হৈ থাকিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছো। অনুগ্ৰহ কৰি সকলো ধৰণৰ হিংসাৰ পৰা বিৰত থাকক।”

সেনা প্ৰধান জেনেৰেল ৱেকাৰ-উজ-জামানে বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত অন্তৱৰ্তীকালীন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। তেওঁ কয় যে পৰামৰ্শদাতা পৰিষদত ১৫জন সদস্য থাকিব পাৰে।