NORTHEAST NOW (Assamese)

আজিৰে পৰা শিলচৰত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতা

August 26, 2018 1:27 pm · এন ই নাও নিউজ

আজিৰে পৰা শিলচৰত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় দবা টুৰ্ণামেণ্ট।

শিলচৰৰ ইলোৰা হেৰিটেজ এছেম্বলী ভৱনত ৬ দিনীয়া কাৰ্যসূচীৰে কাছাৰ জিলা দবা সন্থাৰ ব্যৱস্থাপনাত শিলচৰ অপেন ইণ্টাৰনেচনেল ফিডে ৰেটিং দবা টুৰ্ণামেণ্টখন অনুষ্ঠিত হ’ব।

অহা ১ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাখনত উত্তৰ-পূব ভাৰতৰ লগতে দেশৰ অন্যান্য প্ৰান্ত তথা চুবুৰীয়া বাংলাদেশ, শ্ৰীলংকা আৰু নেপালৰ প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিৰ ফালৰ পৰা জানিব পৰা গৈছে।

এই উপলক্ষে শিলচৰত শনিবাৰে অনুষ্ঠিত এখন সংবাদমেলত সন্থাৰ সভাপতি দিবেন্দু দাস আৰু প্ৰশিক্ষক নিৰ্মাল্য চক্ৰৱৰ্তীয়ে কয় যে প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন ঠাইৰ আৰ্বিটাৰসহ খেলুৱৈসকলে অংশ ল’ব বুলি জনায়।

আনহাতে সংবাদমেলখনত শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সচিব বাবুল হোৰ, আয়োজক কমিটীৰ সদস্য স্বৰ্ণালী চৌধুৰীৰ লগতে অন্যান্য বিশিষ্ট লোকসকলো উপস্থিত আছিল।

Related News