NORTHEAST NOW (Assamese)

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মধ্য, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ আন্তৰ্জাতিক সন্মিলন: ভাৰত-ৰাছিয়া কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া স্মৃতিচাৰণ

December 29, 2024 7:33 pm · এন ই নাও নিউজ, গুৱাহাটী

আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, অসমে আগন্তুক নৱ বৰ্ষ ২০২৫ ৰ ২১-২২ জানুৱাৰী তাৰিখে মধ্য, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সংস্কৃতিক মুখ্য বিষয় লৈ এখনি আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশেষ সন্মিলনখনৰ লক্ষ্য হৈছে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্কক ৰোমন্থন কৰা।

মস্কোৰ ৰাছিয়ান ষ্টেট ইউনিভাৰ্চিটি ফৰ দ্য হিউমেনিটিজ,মস্কোৰ ইনষ্টিটিউট অৱ অৰিয়েণ্টেল ষ্টাডিজ, মস্কোৰ প্ৰাইমাকভ ইনষ্টিটিউট অৱ ৱৰ্ল্ড ইকনমি এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেচনছ, আৰু ইৰাকৰ কুট ইউনিভাৰ্চিটি কলেজৰ সহযোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্কুল অৱ হিউমেনিটিজ এণ্ড ছ’চিয়েল ছায়েন্স বিভাগে এই সন্মিলনখনৰ আয়োজন কৰিছে l

উল্লেখযোগ্য যে এই বিশেষ সন্মিলনখন হাইব্ৰিড মোডত অনুষ্ঠিত হ’ব। গৱেষক আৰু অনুশীলনকাৰীসকলক সন্মিলনত উপস্থাপনৰ বাবে নতুন আৰু মৌলিক অন্তৰ্দৃষ্টিসম্পন্ন উচ্চমানৰ গৱেষণা পত্ৰ দাখিল কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

এবষ্ট্ৰেক পত্ৰ দাখিলৰ চূড়ান্ত তাৰিখ ২০২৪ৰ ৩১ ডিচেম্বৰ ধাৰ্য্য কৰা হৈছিল যদিও ২০২৫ বৰ্ষৰ ১০ জানুৱাৰী তাৰিখলৈ পিছুৱাই দিয়া হৈছে। নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলক ১৫ জানুৱাৰী ২০২৫ৰ ভিতৰত সম্পূৰ্ণ গৱেষণা পত্ৰ জমা দিবলৈ কোৱা হৈছে।

ইচ্ছুক গৱেষক আৰু অনুশীলনকাৰীসকলক তেওঁলোকৰ এবষ্ট্ৰেক  পত্ৰ আৰু অন্যান্য বিৱৰণ তলত দিয়া লিংকত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল: https:/ /forms.gle/6DjA2tSsjxmNU7S7A। অধিক তথ্যৰ বাবে তেওঁলোকে ড০ ভাস্বতী শৰ্মা (ফোন: ৯৭০৬৯২৭৫৪৬) বা ড০ বন্দিতা বৰুৱা (ফোন: ৮৭২৪০৯৭৩৯১)ৰ সৈতে যোগাযোগ কৰিব পাৰে।

ইয়াৰ উপৰিও তেওঁলোকে অধিক তথ্যৰ বাবে conference_gcu25@gcuniversity.ac.in লৈ মেইল ​​কৰিব পাৰে। গুণগত মানৰ গৱেষণা পত্ৰ সম্পাদিত খণ্ডত প্ৰকাশৰ বাবে বিবেচনা কৰা হ’ব l

Related News