গুৰুতৰভাৱে অসুস্থ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন! কি হৈছে পুটিনৰ?

Putin-exit

গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। কৰ্কট ৰোগৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰিছে ৬৯ বৰ্ষীয় ৰাষ্ট্ৰপতিজন!

বাতৰি অনুসৰি, বহুকেইটা গুৰুতৰ ৰোগে ভ্লাদিমিৰ পুটিনৰ শৰীৰত বাহ লৈছে। ইয়াৰ ফলত তেওঁৰ মুখৰ গঠনো সলনি হৈ পৰিছে।

আনকি যুদ্ধক লৈ পুটিনৰ যি অস্থিৰ আচৰণ, তাৰ মূলতে এই গুৰুতৰ ৰোগসমূহ বুলিও সংবাদ মাধ্যমসমূহৰ প্ৰতিবেদনত কোৱা হৈছে।

লগতে পঢ়ক: যুদ্ধৰ খবৰ: এদিনতে ৰাছিয়াৰ চাৰিখন যুদ্ধবিমান গুলীয়াই ভূপতিত কৰাৰ দাবী ইউক্ৰেইনৰ

ব্ৰিটিছ সংবাদপত্ৰ ডেইলী মেইলৰ মতে, পুটিনে কৰ্কট ৰোগত ভুগি আছে। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে তেওঁ বিভিন্ন ঔষধ গ্ৰহণ কৰি আছে। অতি শক্তিশালী এই ঔষধসমূহ সেৱন কৰাৰ ফলত পুটিনে মানসিক ভাৰসাম্যহীনতাতো ভুগিছে।

উল্লেখযোগ্য যে যোৱা পাঁচ বছৰ ধৰি পুটিনৰ কাম কৰাৰ লক্ষণ আৰু মানসিক অস্থিৰতা লক্ষ্য কৰি অহা হৈছে। আনকি ২০২০ চনৰ ফেব্ৰুৱাৰীত পুটিনৰ এক জৰুৰী অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল বুলিও জানিব পৰা গৈছে।

পশ্চিমীয়া দেশসমূহৰ এটা আগশাৰীৰ চোৰাংচোৱা সংস্থা দ্যা ফাইভ আইজে (The Five Eyes) পুটিনৰ স্বাস্থ্য সম্পৰ্কত এটা অনুসন্ধান চলাইছিল। এই চোৰাংচোৱা সংস্থাটোৰ উদ্ধৃতিৰেই এই বাতৰি প্ৰকাশ কৰা হৈছে।

লগতে পঢ়ক: যুদ্ধবিধস্ত ইউক্ৰেইনত মৃত্যৰ কিৰীলি: ৰাছিয়াৰ আক্ৰমণত কেৱল মাৰিঅ’পোলত মৃত্যু হৈছে ২,৫০০ সাধাৰণ নাগৰিকৰ!

সংবাদপত্ৰসমূহত পুটিনৰ শেহতীয়া ফটো প্ৰকাশ কৰি তাত লিখিছে যে ৰাষ্ট্ৰপতিজন পাৰ্কিনছন ৰোগতো আক্ৰান্ত হৈছে। ইয়াৰ ফলত মুখায়ৱব অস্বাভাৱিকভাৱে ফুলি উঠিছে। এই ৰোগত আক্ৰান্ত হৈ থকাৰ বাবেই পুটিনে অতিথিক সাক্ষাৎ কৰোতেও দূৰত্ব বৰ্তাই ৰাখিছে। আনকি সতীৰ্থৰ সৈতেও দূৰত্ব বজাই ৰখাটো দৃষ্টিগোচৰ হৈছে।

ইউক্ৰেইন যুদ্ধ চলি থকাৰ মাজতে পুটিনৰ স্বাস্থ্যক লৈ প্ৰকাশিত এই বাতৰিয়ে ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে।