আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনটোত ধুবুৰী জিলা কাৰাগাৰত কয়দীৰ যোগাভ্যাস

dh

ধুবুৰীত জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা যোগ দিৱসৰ এক দৃশ্য

ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আজি ধুবুৰী আৰক্ষী নিৱেশৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷

বন্তি প্ৰজ্বলনেৰে যোগ দিৱসৰ কাৰ্যসূচী মুকলি কৰে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামচুল হুদা আৰু ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীয়ে৷

কোভিড বিধি মানি সীমিত সংখ্যক লোকৰ উপস্থিতিত যোগ দিৱস উপলক্ষে যোগাভ্যাস কৰা হয় ৷
বিধায়ক ছামচুল হুদা, ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেষ তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী, বিশ্বজিৎ গোস্বামী প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, শিক্ষাৰ্থীসহ প্ৰায় ৫০ গৰাকী লোকে যোগাভ্যাস কৰে৷

আনপিনে ধুবুৰী জিলা কাৰাগাৰত যোগ দিৱস উপলক্ষে কয়দীসকলে যোগাভ্যাস কৰে৷যোগভ্যাস কৰি কয়দীসকলে মানসিক প্ৰশান্তি লাভ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে।