এজন যুৱকৰ বিৰুদ্ধে হোৱাটছএপ গ্ৰুপৰ পৰা বাহিৰ কৰি দিয়া ‘গ্ৰুপ এডমিন’ক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত সংঘটিত হয় এই ঘটনা।
অভিযুক্তৰ নাম আছফাক খান। মুস্তাক আহমেদ নামৰ এজন যুৱকক হত্যা কৰাৰ অভিযোগ উঠিছে। প্ৰসংগক্ৰমে মুস্তাক আছিল হোৱাটছএপ গ্ৰুপৰ ‘এডমিন’। প্ৰাৰম্ভিক তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিলে যে হোৱাটছএপত চৰ্চা চলি থকা এটা বিষয়ক লৈ গ্ৰুপৰ সদস্যসকলৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে। ‘এডমিন’ মুস্তাকে বিষয়টোত হস্তক্ষেপ কৰিবলৈ গ’ল। তাৰ পাছত আছফাকৰ লগত কাজিয়া হ’ল।
ইয়াৰ পাছত দুয়োজনে বিষয়টো নিষ্পত্তি কৰাৰ সিদ্ধান্ত ল’লে। দুয়ো একেলগে লগ পোৱাৰ পৰিকল্পনা তৈয়াৰ কৰে। বিষয়টো নিষ্পত্তি কৰিবলৈ আছফাকক লগ কৰিবলৈ গ’ল মুস্তাক। অভিযোগ অনুসৰি হঠাতে বন্দুক উলিয়াই মুস্তাকক ওচৰৰ পৰা গুলীয়াই হত্যা কৰে। থিতাতে তেওঁৰ মৃত্যু হয়। আছফাকৰ ভাতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে মুস্তাকক গ্ৰেপ্তাৰ কৰে।