প্ৰতিবাদ, বন্ধৰ বাবে অসমত হ্ৰাস পাইছে বিনিয়োগ : পাটোৱাৰী

l_Chandra-Mohan-Patowary-1504774032

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ফাইল ফটো

‘ৰাজ্যখনত প্ৰতিবাদ, বন্ধ আদি চলি থকাৰ বাবে হ্ৰাস পাইছে বিনিয়োগ।‘ বিধানসভাত এই কথা সদৰী কৰিছে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

অসম বিধানসভাত বৃহস্পতিবাৰে এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে ৰাজ্যখনত ধাৰাবাহিকভাৱে চলি থকা প্ৰতিবাদৰ বাবে অসমত বিনিয়োগ বন্ধ হৈছে।

‘’অসমৰ দৰে অস্থিৰ ৰাজ্য এখনত বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিব নিবিচাৰেবুলি উল্লেখ কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয়,’’ ৰাজ্যখনত আমি অধিক বিনিয়োগকাৰীয়ে বিনিয়োগ কৰাৰ আশা কৰো কিন্তু অসমত প্ৰতিবাদৰ ফলত অস্থিৰ হৈ পৰা পৰিস্থিতিত তেওঁলোকে কিয় বিনিয়োগ কৰিব।‘’

পাটোৱাৰীয়ে বিনিয়োগকাৰীয়ে অসমত বিনিয়োগ নকৰাৰ কাৰণ ব্যাখ্যা কৰি লগতে সদনক জানিবলৈ দিয়ে যে ৰাজ্যখনত বাহিৰৰ বিনিয়োগকাৰীয়ে ৫১,৬০৪ কোটি টকা বিনিয়োগ কৰিছে।

মন্ত্ৰী পাটোৱাৰীয়ে লগতে উল্লেখ কৰে যে ‘’আমি এডভান্টেজ আছামত ৪১ কোটি টকা খৰচ কৰিছিলো। এই পৰিমান আন ৰাজ্যৰ তুলনাত অতি কম।‘’ তেওঁ এইক্ষেত্ৰত আন ৰাজ্যই এনেকুৱা বিনিয়োগ সন্মিলনত প্ৰায় ২০০ৰপৰা ৩০০ কোটি টকা পৰ্যন্ত খৰচ কৰে বুলিও ব্যক্ত কৰে।

এডভান্টেজ আছাম অনুষ্ঠিত হৈ যোৱাৰ পাছত অসমত বিনিয়োগ বৃদ্ধি পাব বুলি চৰকাৰে দাবী কৰি অহাৰ পাছত বিধানসভাত মন্ত্ৰী পাটোৱাৰীৰ উত্তৰে আন এখন ছবিহে দাঙি ধৰিছে। চৰকাৰে বিনিয়োগ অনাত ব্যৰ্থ হৈ প্ৰতিবাদ, আন্দোলনক জগৰীয়া কৰাটো তেনেই গা-সৰা মন্তব্য বুলিও ক’ব খোজে।