টুইটাৰত #AssamFloods; অসময়ত আহক বৰদৈচিলা

অমিতাভ বচ্চনে হাগিলে নে মুতিলে, ৰাতি ভালকৈ শুলে নে নুশুলে তাক লৈ ব্যস্ত হৈ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমত বানপানীত লাখ লাখ লোক গৃহহীন হৈ পৰাৰ লগতে শতাধিক লোকে মৃত্যক আকোঁৱালি লোৱাৰ পাছতো এই সমস্যাক লৈ বাতৰি কৰাৰ সময় নাপালে।

দুৰ্ভাগ্যজনকভাৱে, কৰ’নাৰ নামত ব্যস্ত হৈ পৰা আমাৰ কেন্দ্ৰীয় নেতা-মন্ত্ৰীসকলে এইবাৰ আনকি হেলিকপ্টাৰেৰেও অসমৰ বানপানীৰ পৰিস্থিতি চোৱাৰ সময় উলিয়াব পৰা নাই।

এনে পৰিস্থিতিত অসমৰ দুৰ্যোগত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এলাগী কৰা এই বিষয়ক লৈ টুইটাৰত কিয় সৃষ্টি নহ’ব ধুমুহাৰ?
অসমৰ বানপানী অসমৰ ৰাইজৰ চকুপানী হৈ বৈছে। প্ৰতিবছৰৰ দৰে এইবাৰো অসমত বানপানীয়ে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন ঠাইত বিধ্বংসী প্ৰলয়ৰ ৰূপ গ্ৰহণ কৰিছে।

যিসময়ত সকলোৱে কৰ’নাৰ সংহাৰক লৈ ব্যস্ত হৈ পৰাৰ লগতে এক অজানিত আতংকত দিন নিয়াইছে, সেই সময়তে সংহাৰী বানে অসমত ১০০জনতকৈয়ো অধিক লোকৰ প্ৰাণ হৰিছে।

কিন্তু ইয়াৰ পাছতো অসমৰ বানপানীৰ এই ভয়ংকৰ ধ্বংসলীলাৰ কথা আমাৰ মুলসুঁতিৰ সংবাদমাধ্যমত অৱহেলিত হৈ আছে।

বলীউদৰ চেলিব্ৰেটিয়ে কেনেদৰে খাইছে, শুইছে বা পানীলগা জ্বৰত ভূগিছে নেকি তাৰো ডাঁৰৰ বাতৰি ডাঁৰে দি অহা ৰাষ্ট্ৰীয় সংবাদমাধ্যমে অসমৰ বানপানীৰ দুৰ্যোগৰ বাতৰি দিবলৈ আহৰি পোৱা নাই।

এনে সময়তে ‘অসমৰ ভূমিপুত্ৰ’ই টুইটাৰত #AssamFloodsৰ জৰিয়তে আজি উত্ৰ-পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্কিত বিষয়সমূহত এক টুইটাৰ ধুমুহাৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে।

স্বাভাৱিকতে সুদীৰ্ঘকাল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাসমূহক কেন্দ্ৰই মাহী আইৰ দৃষ্টিৰে চোৱাৰ অভিযোগৰ সমান্তৰালকৈ মুলসুঁতিৰ সংবাদ মাধ্যমসমূহেও এই সমস্যাসমূহক যথোচিত গুৰুত্ব নিদিয়া তথা অৱহেলা কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

সেয়েহে, বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াৰ শক্তিক সাৰোগত কৰি আমাৰ সমস্যাসমূহ বিশ্বৰ আগত দাঙি ধৰাৰ বিকল্প নাই।
সেয়েহে, টুইটাৰত অসময়ত এক বৰদৈচিলা আৰম্ভ কৰিব খোজা হৈছে, আমাৰ মাটি, আমাৰ খৱৰক আমি সকলোৰে আগত তুলি ধৰাটোৱে হৈছে এই সময়ৰ আহ্বান।