NORTHEAST NOW (Assamese)

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

June 23, 2025 8:35 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 23, 2025 8:36 am

আমেৰিকাৰ আক্ৰমণ। পূৰ্ণাংগ যুদ্ধৰ হাতছানি। আৰু পশ্চিম এছিয়াৰ তেল আৰু গেছৰ সৰবৰাহত আঘাত লগাৰ আশংকা। এই তিনিগুণ সংকটত ইৰাণৰ সংসদে দেওবাৰে হৰমুজ প্ৰণালী বন্ধ কৰাৰ সিদ্ধান্ত লয়। এইবাৰ কেৱল উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সেউজ সংকেতলৈ অপেক্ষা কৰি আছে।

পাৰস্য উপসাগৰক আৰব সাগৰৰ সৈতে সংযোগ কৰা একমাত্ৰ জলপথ বন্ধ হ’ব। আৰু একে সময়তে ইন্ধন ৰাজনীতিৰ আকাশত সংকটৰ ডাৱৰে দেখা দিব। আমেৰিকাৰ আক্ৰমণৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। এফালে ব্ৰেণ্টে প্ৰতি বেৰেলত ৭৭ ডলাৰ অতিক্ৰম কৰিলেও আমেৰিকাৰ ডব্লিউ টি আই ৭৪.০৪ ডলাৰত উপনীত হৈছে।

বিশেষজ্ঞসকলে আশংকা কৰিছে যে হৰমুজ প্ৰণালী বন্ধ হোৱাৰ পিছত প্ৰতি বেৰেলত তেলৰ মূল্য ৪০০ ডলাৰৰ অধিক হ’ব পাৰে। স্বাভাৱিকতে এই যুদ্ধ পৰিস্থিতিয়ে নতুন দিল্লীৰ উদ্বেগ বৃদ্ধ কৰিব। মাথোঁ প্ৰশ্নটো হ’ল – ইয়াৰ প্ৰভাৱ ভাৰতবৰ্ষত কিমান হ’ব ?

ভাৰতে বিশ্বৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ খাৰুৱা তেল আমদানি কৰে – প্ৰতিদিনে ৫১ লাখ বেৰেল। মন কৰিবলগীয়া যে জুন মাহত শেহতীয়াকৈ ৰাছিয়াৰ পৰা সৰ্বাধিক পৰিমাণৰ খাৰুৱা তেল আমদানি কৰা হৈছিল। এই সংখ্যা ১৯.৬ মিলিয়ন বেৰেলৰ পৰা প্ৰায় ২০ লাখ বেৰেললৈ বৃদ্ধি পাইছে।

আমদানিৰ ক্ষেত্ৰত দ্বিতীয় বৃহত্তম দেশ হৈছে আমেৰিকা। ইয়াৰ পূৰ্বে ভাৰতে প্ৰতিদিনে ২৮ লাখ বেৰেল আমেৰিকাৰ ডব্লিউ টি আই তেল আমদানি কৰিছিল। জুন মাহত ইয়াৰ পৰিমাণ আছিল ৪৩.৯ লাখ বেৰেল। এইটো নিশ্চিতভাৱে নতুন দিল্লীৰ কূটনৈতিক মাষ্টাৰষ্ট্ৰ’ক। কিয়?

ভাৰতে তেল আমদানি কৰা দেশসমূহৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ স্থানত আছে ইৰাক আৰু সংযুক্ত আৰব আমিৰশ্বাহী। হৰমুজ প্ৰণালী বন্ধ হোৱাৰ আশংকাত নতুন দিল্লীয়ে প্ৰথমে ৰাছিয়া আৰু আমেৰিকাৰ পৰা আমদানিৰ পৰিমান বৃদ্ধি কৰিছিল। কাৰণ এই দুখন দেশে ভাৰত উপমহাদেশলৈ তেল যোগান ধৰাৰ সময়ত হৰমুজ প্ৰণালী ব্যৱহাৰ কৰিব নালাগে। বৰঞ্চ তেওঁলোকে আৰব সাগৰৰ পথ ল’বলৈ আফ্ৰিকাৰ য়েমেন আৰু জিবুতিৰ কাষৰীয়া বাব-আল-মাণ্ডেব প্ৰণালী ব্যৱহাৰ কৰে। তেনে ক্ষেত্ৰত হৰমুজ বন্ধ হ’লে নতুন দিল্লীয়ে প্ৰথম ক্ষতিগ্ৰস্ত নহ’ব।

কিন্তু এই ক্ষেত্ৰতো উদ্বেগ আছে। সেয়া হৈছে মূল্যবৃদ্ধিৰ। ইতিমধ্যে খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে। পাৰস্য উপসাগৰৰ যোগান লাইন বন্ধ হ’লে মূল্যবৃদ্ধি আকাশলংঘী হ’ব। তদুপৰি আমেৰিকাৰ পৰা আমদানি কৰা তেলৰ পথটোও সম্পূৰ্ণ নিৰাপদ নহয়। কাৰণ, ইৰাণে ইতিমধ্যে পশ্চিম এছিয়াৰ আন দেশসমূহত বিচ্ছিন্নতাবাদী-উগ্ৰ শক্তিক সক্ৰিয় কৰিবলৈ আৰম্ভ কৰিছে।

পেলেষ্টাইনত হামাছ, লেবাননত হিজবুল্লাহ, ছিৰিয়াত ফাতিমিদ ব্ৰিগেড, ইৰাকত আল-বদৰ আৰু য়েমেনত হাউথীক সাজু কৰি তোলা হৈছে। যদি আমেৰিকাই আৰব সাগৰত প্ৰৱেশ কৰিব বিচাৰে তেন্তে ভূমধ্য সাগৰ আৰু লোহিত সাগৰৰ মাজেৰে আহিব লাগিব। সেইখিনিতে আমেৰিকাৰ সামগ্ৰীয়ে বাব-আল-মাণ্ডেব প্ৰণালী পাৰ হ’ব লাগিব। যিহেতু য়েমেনৰ উপকূলীয় অঞ্চল হাউথীৰ নিয়ন্ত্ৰণত আছে, সেয়েহে ইৰাণৰ ‘নিৰ্দেশ’ত তেওঁলোকে আমেৰিকাৰ জাহাজ আক্ৰমণ কৰিব পাৰে। অৰ্থাৎ সেই পথটোও নিৰাপদ নহ’ব।

ইয়াৰ বাবেই চাপ্লাই লাইনত আঘাত হানিব আৰু তেলৰ দাম দ্ৰুতগতিত বৃদ্ধি পাব। আৰু সেই বোজা সাধাৰণ মানুহে বহন কৰিব লাগিব। হৰমুজ বন্ধ হোৱাৰ পাছতো  দহ দিনলৈকে ভাৰতে চিন্তা কৰিব নালাগিব। নতুন দিল্লীয়ে ইতিমধ্যে সেই মজুতটো কৰিছে। কিন্তু তাৰপিছত? অৰ্থাৎ সংকট বাঢ়িছে। সমগ্ৰ বিশ্বতে। তেলৰ সংকট, আৰ্থিক সংকট।

Related News