কলকাতা নাইট ৰাইডাৰ্ছৰ নেতৃত্ব মৰ্গানক অৰ্পন কৰাৰ পাছতে ইৰফান পাঠানৰ সমালোচনা

কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক দিনেশ কাৰ্তিকে চলিত আই পি এলৰ মাজভাগত ইংলেণ্ডৰ সীমিত অভাৰ ক্ৰিকেট দলৰ অধিনায়ক ইয়ন মৰ্গানক নাইট ৰাইডাৰ্ছৰ অধিনায়কত্বৰ দায়িত্ব অৰ্পন কৰাৰ পাছতে সমালোচনা কৰিছে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ ইৰফান পাঠানে।

”দলৰ অন্যান্য সদস্য সকলৰ বাবে প্ৰতিযোগিতাৰ মাজভাগত অধিনায়কত্ব সলনি হোৱাটো সুবিধাজনক নহয়,” কাৰ্তিকৰ সিদ্ধান্তক সমালোচনা কৰি ইৰফান পাঠানে এইদৰে কয়।

আনহাতে, ইৰফান পাঠানে কে কে আৰে ইয়াৰ পৰা প্লে অফলৈ যোগ্যতা অৰ্জন কৰাৰ বাবে নিজৰ চেষ্টা অব্যাহত ৰাখিব বুলিও আশা ব্যক্ত কৰে।

বৰ্তমান সময়ত কলকাতা নাইট ৰাইডাৰ্ছ পইণ্ট টেবলৰ চতুৰ্থ স্থানত আছে।

দিনেশ কাৰ্তিকৰ নেতৃত্বত কলকাতা নাইট ৰাইডাৰ্ছে মধ্যমীয়া ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে। কলকাতা নাইট ৰাইডাৰ্ছৰ এই প্ৰদৰ্শনৰ পাছতে দলৰ নেতৃত্ব সলনি কৰাৰ ক্ষেত্ৰতো প্ৰশ্নৰ উদয় হৈছিল।