কিবা গোপন বুজাবুজি? : বৰ্তমানো ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা!

Atul Borah Photo

বৰ্তমান ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী কোন? সেয়া একেষাৰে উত্তৰ দিয়া সম্ভৱ নহ’লেও আপুনি আচৰিত নহ’ব। কিয়নো এতিয়াও ইন্টাৰনেট অথবা ফলকত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্য্য নিৰ্বাহ কৰি আছে অগপৰ সভাপতি অতুল বৰাই।

অসম সচিবালয়ৰ চি ব্লকৰ এটা কোঠা। এই কোঠাতে পূৰ্বে অতুল বৰাই ৰাজ্যৰ কৃষি বিভাগৰ কাম-কাজ চোৱা চিতা কৰিছিল আৰু সেই কোঠাৰ পৰাই পৰিচালনা কৰিছিল কৃষিৰ দৰে এটা বিয়াগোম বিভাগ। কিন্তু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বুকুৰ কুটুম অগপ দলৰ সভাপতি অতুল বৰাই যোৱা ৯ জানুৱাৰিৰ দিনা মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিলেও বৰ্তমানো কৃষি মন্ত্ৰী হিচাপে ৰাখিছে মন্ত্ৰী অতুল বৰাক।

বিজেপিৰ অগপৰ প্ৰতি থকা চেনেহ কিমান, বৰ্তমানো কোঠাটোৰ সন্মুখত আজি পৰ্য্যন্ত লাগি থকা এই ফলকখনৰ পৰাই স্পষ্ট হৈ পৰিছে এই কথা। ফলকখন বৰ্তমানো কৃষি, উদ্যানশস্য, খাদ্য সংসাধন, পশু ধন নিগমৰ মন্ত্ৰী হিচাপে ৰখা হৈছে অতুল বৰাক।

ইয়াৰোপৰি, ইন্টাৰনেটৰ পৰাও বাদ পৰা নাই অগপৰ দুজন কেবিনেট মন্ত্ৰীৰ নাম। ডিজিটেল ইণ্ডিয়াৰ পোষকতা কৰা বিজেপি চৰকাৰৰ দিনতেই  পদত্যাগী হ’লেও তেওঁলোক বৰ্তমানো হৈ আছে অসম চৰকাৰৰ মন্ত্ৰী।

এক সুত্ৰৰ পৰা জানিব পৰা মতে বৰ্তমানো মুখ্য মন্ত্ৰী সোণোৱালে অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা নাই  ৰাজ্যপাললৈ। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে বিজেপিৰ নেতা-মন্ত্ৰীয়ে অগপক কটু ভাষাৰে সমালোচনা কৰিলেও আজি পৰ্য্যন্ত অগপৰে মিত্ৰতা বিচাৰে বিজেপিৰ উচ্চস্তৰীয় নেতাই।

প্ৰশ্ন হয়, সঁচাকৈয়ে অগপৰ সদ্য পদত্যাগী মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভুষণ চৌধুৰীয়ে পদত্যাগ কৰিছিল নে? নে পদত্যাগৰ নামত এখন নাটক ৰচনা কৰি অসমৰ জনসাধাৰণক আন্ধাৰত ৰাখিব বিচাৰিছে অগপই?