• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাৰাষ্ট্ৰত পাণমচলাৰ বিজ্ঞাপন নিষিদ্ধ বাবেহে ফিল্ম ফেয়াৰ এৱাৰ্ড মুম্বাইৰ বাহিৰলৈ?

পূৰ্বৰ দৰেই পাণমচলাই হ’ব পাৰে আয়োজক টাইমছ গ্ৰুপৰ মূল স্পনছ’ৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 26, 2019 9:08 pm
Vimal_Filmfare_Awards_2019

যোৱা বাৰৰ ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠানৰ এখন ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমবাৰলৈ মুম্বাইৰ বাহিৰত অনুষ্ঠিত হ’ব ফিল্ম ফেয়াৰ এৱাৰ্ড। ১৯৫৪ চনৰ পৰা মুম্বাইত অনুষ্ঠিত হৈ অহা এই সন্মানীয় ফিল্ম ফেয়াৰ এৱাৰ্ডৰ ৬৫ সংখ্যক সংস্কৰণৰ অনুষ্ঠানটো এইবাৰ অনুষ্ঠিত হ’ব গুৱাহাটীত।

৬৪ বছৰীয়া ইতিহাসত নতুনত্ব দি কিয় মায়ানগৰী মুম্বাইৰ পৰিৱৰ্তে গুৱাহাটীত এই ফিল্ম ফেয়াৰ অনুষ্ঠিত কৰিব লগীয়া পৰিস্থিতি আহিল? কাৰণ অসমৰ পৰ্য্যটন বিভাগে বা চৰকাৰে অনুষ্ঠানটো ইয়াত পাতিবলৈ প্ৰস্তাৱ আগ বঢ়ালেই আয়োজকে সেইটো গ্ৰহণ কৰাৰ কথাটো কল্লনাতীত। ইয়াৰ আঁৰত অন্য গুৰুত্বপূৰ্ণ কাৰণ থকাহে সম্ভৱ।

বিগত ৬৪ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ড মুম্বাইত অনুষ্ঠিত কৰাৰ সময়ত বিমল পাণমচলাক স্পনছৰশ্বিপ হিচাপে লোৱাৰ পাছতে এক বিতৰ্কৰ সৃষ্টি হৈছিল।

উক্ত ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠানৰ তিনিদিন পূৰ্বে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংবাদ মাধ্যম ইণ্ডিয়া টু-ডেত এটা বাতৰি প্ৰকাশিত হৈছিল, য’ত দিল্লী চৰকাৰৰ অধীনৰ স্বাস্থ্য বিভাগৰ এগৰাকী উচ্চ পদস্থ বিষয়া ড০ এছ কে আৰোৰাই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰৰ বিষয়ে উল্লেখ আছিল।

পত্ৰখনত লিখা আছিল যে গুটখা নাইবা পাণমচলা জাতীয় সামগ্ৰীৰ স্পনছৰশ্বিপ বা বিজ্ঞাপন বন্ধ কৰিব লাগে। যদি গুটখা আৰু পাণমচলা জাতীয় সামগ্ৰীৰ বিজ্ঞাপন ফিল্ম ফেয়াৰত বন্ধ কৰিব পাৰি, তেন্তে লাখ লাখ লোকৰ জীৱন বিশেষকৈ যুৱ প্ৰজন্মক ৰক্ষা কৰিব পৰা যাব বুলি পত্ৰত উল্লেখ আছিল।

মন কৰিব লগীয়া যে ৬৪ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডছ অনুষ্ঠানত বিমল পাণমচলাক মুখ্য স্পনছ’ৰাৰ হিচাপে লোৱা হৈছিল। মহাৰাষ্ট্ৰ চৰকাৰে বিমল পাণমচলাৰ স্পনছৰশ্বিপ বাতিল কৰিবৰ বাবে আয়োজক টাইমছ গ্ৰুপক আহ্বান জনাইছিল যদিও সেয়া আইনীভাৱে নিষিদ্ধ কৰা নাছিল মহাৰাষ্ট্ৰ চৰকাৰে।

কিন্তু চলিত বৰ্ষৰ জুলাইৰ পৰা ৰাজ্যখনত সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছিল গুটখা আৰু পাণমচলা। মহাৰাষ্ট্ৰৰ সমান্তৰালকৈ মধ্য প্ৰদেশ, কেৰেলা, বিহাৰ, গুজৰাট, হাৰিয়ানা, পশ্চিম বংগকে ধৰি অন্য বহু ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ গুটখা। ফলত এইবোৰ ৰাজ্যতো বিমল পাণমচলাক স্প’নছ’ৰাৰ হিচাপে লৈ ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত কৰাত সমস্যাত পৰে টাইমছ গ্ৰুপ।

তাৰ বিপৰীতে অসমত গুটখা নিষিদ্ধ কৰিব বুলি চৰ্চাহে চলি আছে। অসম চৰকাৰে গুটখাৰ বিৰুদ্ধে এখন আইনো প্ৰস্তুত কৰিছিল যদিও বৰ্তমানলৈকে ই কাৰ্য্যকৰী হোৱা নাই বা সম্পূৰ্ণৰূপে পাণমচলা নিষিদ্ধ হোৱা নাই।

স্বাভাৱিকতে এই প্ৰশ্ন উঠিছে যে টাইমছ অব ইণ্ডিয়া গ্ৰুপে এই কাৰণতহে গুৱাহাটীক বাছি লৈছে নেকি? এই সন্দৰ্ভত পৰ্য্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য সম্পূৰ্ণ দায়িত্বহীনতাৰ পৰিচয় বুলিব পাৰি।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়,- “১৯৫৪ চনৰ পৰা এতিয়ালৈকে মুম্বাইৰ বাহিৰত ফিল্ম ফেয়াৰ অনুষ্ঠিত হোৱা নাছিল। এইবাৰ যিহেতু মুম্বাইৰ বাহিৰত অনুষ্ঠিত হ’ব গতিকে টাইমছ অব ইণ্ডিয়াৰ বৃহৎ পৰিমাণৰ খৰচ হ’ব। এই খৰচ ৰাজ্য চৰকাৰে দিব নোৱাৰে। এই খৰচ তেওঁলোকে স্পনছ’ৰশ্বিপৰ পৰা ল’ব। তেওঁলোকে কাক ল’ব নল’ব সেইটো আমি কোৱা উচিত নহ’ব আৰু ক’বও নোৱাৰো। গতিকে বিমল পাণমচলাই হয় নে অন্য কিবাই হয় আমি নাজানো, জনাৰো ইচ্ছা নাই।”

তাৎপয্যপূৰ্ণভাৱে, গুটখা নিষিদ্ধ কৰিবলৈ অসম চৰকাৰে ২০১৩ চনত ধঁপাত (গুটখা, পাণমচলা, জৰ্দা) বিৰোধী আইন প্ৰস্তুত কৰিছিল। কিন্তু এই আইন প্ৰস্তুত কৰাৰ পাছতে গুটখা প্ৰস্তুত কোম্পানীয়ে উচ্চ ন্যায়ালয়ত আইনৰ বিৰুদ্ধে গোচৰ তৰিছিল। ৰাজ্য চৰকাৰক এই আইন কিয় ল’ব লগীয়া হ’ল বুলি প্ৰশ্ন কৰাত উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “ই কেন্সাৰ বিয়পোৱাৰ অন্যতম কাৰণ” বুলি কৈছিল।

ইপিনে, শত সহস্ৰ সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰাক লৈও ইতিমধ্যে ৰাজ্যত সমালোচনাৰ ঢৌ উঠিছে। বানত আক্ৰান্তক পৰ্য্যাপ্ত সাহায্য দিব নোৱৰা চৰকাৰে পৰ্য্যটনক উদগনি দিয়াৰ নাম লৈ কোটি টকা খৰচ কৰাটোক সহজভাৱে ল’ব পৰা নাই বহুতে।

উল্লেখ কৰিব পাৰি যে এতিয়ালৈকে অনুষ্ঠানটোৰ স্থান আৰু টিকটৰ মূল্য নিৰ্ধাৰণ হোৱা যদিও আগৰবাৰত টিকটৰ মূল্য আছিল ১০ হাজাৰ টকাৰ পৰা ৩ লাখ টকা পৰ্যন্ত। প্ৰিয় তাৰকাৰ বাবে সংৰক্ষিত আসনৰ কাষতে থকা আসনৰ টিকটৰ মূল্য আছিল ৩ লাখ টকা।

এই হিচাপত যদি এটা পৰিয়ালৰ ৪গৰাকী সদস্যই উপভোগ কৰিবলৈ খৰচ কৰিব লাগিব লাখৰ ঘৰত টকা, যিটো সাধাৰণ লোকে বাদেই, এটা দিনত ইমান টকা খৰচ কৰি ইয়াক উপভোগ কৰিবলৈ অসমৰ চিনে তাৰকাসকলো সক্ষম হ’ব নে নহয় সন্দেহ।

জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিয়া মতে একেলগে প্ৰায় ১০ হাজাৰ মানুহে ওচৰৰ পৰা চাব পাৰিব বলিউডৰ বহু তাৰকাক। অসমৰ জনসাধাৰণৰ বাবে টিকট বুকিং কৰিব পৰা ব্যৱস্থা ৰাখিব ৰাজ্যৰ পৰ্য্যটন বিভাগে। বুক মাই শ্ব’ৰ জৰিয়তে আপুনি বুকিং কৰিব পাৰিব টিকট।

উল্লেখযোগ্য যে মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাল, পৰ্য্যটন মন্ত্রী চন্দন ব্রহ্ম, বেনেট, কলমেন এণ্ড কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক বিনীত জৈনৰ উপস্থিত সোমবাৰে মহানগৰীৰ টাজ ভিভাণ্টাত অসম পর্যটন উন্নয়ন নিগম (এটিডিচি) আৰু দ্যা টাইমছ গ্রুপৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অসম পৰ্য্যটন উন্নয়ন নিগম অনুষ্ঠানটোৰ আয়োজনৰ ডেষ্টিনেশ্যন পাৰ্টনাৰ হিচাপে থাকিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd