NORTHEAST NOW (Assamese)

আই এছ এল : জামছেদপুৰ এফ চিৰ বিৰুদ্ধে নামিব ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেড

October 25, 2018 7:15 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

আই এছ এলৰ পঞ্চম সংস্কৰণৰ আজি নিজৰ চতুৰ্থখন মেচত ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি মুখামুখি হ’ব জামছেদপুৰ এফ চিৰ বিৰুদ্ধে।

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব আজিৰ খেল।

উল্লেখযোগ্য যে এইবাৰৰ প্ৰতিযোগিতাত বৰ্তমানলৈকে জামছেদপুৰ এফ চিৰ তুলনাত নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি এক শক্তিশালী অৱস্থানত আছে। দলটোৱে এতিয়ালৈকে খেলা তিনিখন খেলৰ এখনত ড্ৰ খেলাৰ বিপৰীতে দুখনত জয়ী হৈছে। আনহাতে জামছেদপুৰ এফ চিয়েও এই পৰ্যন্ত পৰাজয়ৰ মুখ দেখা নাই।

গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন খেলত শক্তিশালী এফ চি গোৱাৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ খেলি অভিযান আৰম্ভ কৰা নৰ্থ-ইষ্ট য়ুনাইটেডে ৪ অক্টোবৰত কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত খেলত দুবাৰৰ চেম্পিয়ন এটলেটিকো ডি কলকাতাক ১-০ গ’লত পৰাস্ত কৰা পাছত চেন্নাইৰ বিৰুদ্ধেও দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই ৪-৩ গ’লৰ ব্যৱধানত বিদয়ী হৈছিল।

Related News