NORTHEAST NOW (Assamese)

বোৰ্খা নিষিদ্ধৰ দাবী কৰা চহিৰ ভূঞাক অশালীন আক্ৰমণ; কন্যাৰ ফটোৰ সৈতে পোষ্ট দি অশ্লীল মন্তব্য

May 12, 2019 5:48 pm · এন ই নাও নিউজ
Updated: May 12, 2019 6:17 pm
চহিৰ ভূঞাৰ পৰিয়ালৰ ফটোৰ সৈতে অশালীন ভাষাত দিয়া এটা পোষ্ট। উৎস : ফেইচবুক।

অসমত বোৰ্খা নিষিদ্ধ কৰিব লাগে বুলি তিনিদিন পূৰ্বে ৰাজহুৱাকৈ দাবী উত্থাপন কৰি এটা অবাঞ্ছিত বিতৰ্কৰ সূত্ৰপাত ঘটোৱা সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞাক ছচিয়েল মিডিয়াত অশালীন ধৰণে আক্ৰমণ কৰিছে একাংশ গোড়া মুছলমানে।

বোৰ্খাৰ কথা কোৱাৰ লগে লগে ক্ৰোধত ফাটি পৰা ধৰ্মীয় সম্প্ৰদায়টোৰ এচামে চহিৰ ভূঞাৰ কন্যাকেইগৰাকীৰ ফটোৰ সৈতে ফেইচবুকত অশ্লীল বক্তব্যৰ সৈতে পোষ্ট দিয়া দেখা গৈছে।

মজু হক নামৰ এজনৰ মন্তব্য, “মই এটা কুকুৰ পুহিম ইয়াৰ নামত”।

এটা পোষ্টত তমিজুদ্দিন আহমেদ নামৰ এজন লোকৰ মন্তব্য, “তেজে পিৰপিৰাই আছে।”

আচৰিত কথা যে উজনিৰ উদাৰ মুছলমান সমাজৰে এইজন তমিজুদ্দিন আহমেদ, যিখন সমাজত কাচিতহে গোড়ামি দেখা যায়, বা বোৰ্খাৰ দৰে আৰবীয় সংস্কৃতিৰ প্ৰতি দুৰ্বলতা প্ৰায় নাই বুলিব পাৰি।

আয়ুব আহমেদ মাজাৰভূঞা নামৰ এজনৰ মন্তব্য, “তাৰ ঘৈনিয়েক বা মাকক কাপোৰ কিয় পিন্ধিবলৈ দিয়ে লঙটা কৰি এৰি দিয়ক বজাৰত তেতিয়াহে বুজি পাব বোৰ্খাৰ মূল্য”

মতিয়াৰ ৰহমান নামৰ এজন জ্যেষ্ঠ লোকেও নিজৰ উৎকট কট্টৰবাদী অসহিষ্ণু মনোভাব উদঙাই লিখিছে, “জোতা দেখিছ”।

আন এঠাইত তেওঁ লিখিছে, “চুন্নত কৰালে নে নাই সন্দেহ”।

আনহাতে, এজন সচেতন মুছলমান যুৱকে লিখিছে, “ইমান অশ্ৰাব্য ভাষাৰে এজন মানুহক ব্যক্তিগত আক্ৰমণ কিয়? ৰমজান মাহত ইমান গালি গালাজ শোভা পায়নে?”

উল্লেখ কৰিব পাৰি যে অসমত আৰবীয় সংস্কৃতি বোৰ্খা পৰিধানৰ পয়োভৰ এনেয়েও কম যদিও, চহিৰ ভূঞাই বোৰ্খা নিষিদ্ধ কৰিব লাগে বুলি এটা ব্যক্তিগত মত ৰখাৰ লগে লগে এচাম গোড়া মুছলমানে। ভূঞা সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা হোৱাৰ লগতে অসম সাহিত্য সভাৰো মুখপাত্ৰ।

অৱশ্যে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা চহিৰ ভূঞাৰ এই বক্তব্য সংগঠনটোৰ নহয় বুলি ৯ মাৰ্চত এটা স্পষ্টীকৰণ দিয়ে সংগঠনটোৱে।

Related News