ইজৰাইলৰ সেনা প্ৰৱেশ কৰিলে লেবাননত; ছিন্নভিন্ন হৈ পৰিল হিজবুল্লাহ

ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ স্থল সেনাই সীমান্ত পাৰ হৈ লেবাননত প্ৰৱেশ কৰিছে। ৰাছিয়াৰ সেনাই যিদৰে বিশাল টেংক লৈ ইউক্ৰেইনত প্ৰৱেশ কৰিছিল, সেই একেই পদ্ধতিৰে লেবাননত অভিযান আৰম্ভ কৰিছে ইজৰাইলে।

লেবানন আৰু ইজৰাইল চুবুৰীয়া দেশ। অৱশ্যে ইজৰাইলৰ সৈতে সীমান্তৰ ফালৰ পৰা লেবানন চৰকাৰৰ অস্তিত্ব নাই। এই অংশত উগ্ৰপন্থী সংগঠন হিজবুল্লাই সমান্তৰাল চৰকাৰ চলাই আছে।

হিজবুল্লাহ নেতা হাছান নাছৰুল্লাক হত্যা কৰাৰ পিছত ইজৰাইলে দক্ষিণ লেবাননত থকা তেওঁৰ ঘাটিত প্ৰৱেশ কৰে। ইয়াৰ উপৰিও লেবাননৰ ৰাজধানী চহৰ বেইৰুটতো বিমান আক্ৰমণ অব্যাহত আছে।

লগতে পঢ়কঃ জম্মু-কাশ্মীৰত আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচন; মুঠ ৪০টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

এই যুদ্ধক লৈ সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি হৈছে। ইজৰাইলে ইৰাণৰ ওপৰতো আক্ৰমণৰ সংকেত দিছে।

বিবিচিৰ তথ্য অনুসৰি, বিমান আক্ৰমণৰ পিছত এইবাৰ ইজৰাইলে লেবাননত স্থল অভিযান আৰম্ভ কৰিছে। ইজৰাইলৰ সেনাই দক্ষিণ লেবাননৰ সীমান্তৰ কেইবাখনো গাঁৱত হিজবুল্লাহ সংগঠনৰ ঘাটি লক্ষ্য কৰি অভিযান আৰম্ভ কৰিছে।

লেবাননত এই ইজৰাইলী অভিযানৰ নাম হৈছে ‘অপাৰেচন নৰ্দাৰ্ণ এৰোছ’। ইজৰাইলৰ সেনাই এই অভিযানত স্থল, আকাশ আৰু টেংক বাহিনীৰ সমন্বয়ত হোৱা বুলি জানিবলৈ দিয়ে।

লগতে পঢ়কঃ দিনে ১০-১২ ঘণ্টা চকীত বহি কাম কৰে? সাৱধান, হ’ব পাৰে এইকেইটা মাৰাত্মক ক্ষতি

ইতিমধ্যে ইজৰাইলে নিজৰ বন্ধু দেশ আমেৰিকাক লেবাননত চলি থকা স্থল অভিযানৰ বিষয়ে অৱগত কৰিছে। ইজৰাইলে সমগ্ৰ লেবাননতে নহয়, আংশিক অভিযান চলাব বিচাৰে।

লেবাননৰ প্ৰধানমন্ত্ৰী নাজিব মিকাটিয়ে এক বিবৃতিত কয় যে ইজৰাইলৰ আক্ৰমণৰ বাবে প্ৰায় ১০ লাখ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিছে।