NORTHEAST NOW (Assamese)

গাজাত ইজৰাইলৰ অভিযানত নিহত হামাছৰ মুৰব্বী ইয়াহিয়া ছিনৱাৰ

October 18, 2024 9:36 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 18, 2024 10:06 am
সংগঠন হামাছৰ মুৰব্বী ইয়াহিয়া ছিনোৱাৰক হত্যাৰ দাবী কৰিছে ইজৰাইলে।

ইজৰাইলে পেলেষ্টাইনৰ স্বাধীনতাকামী সংগঠন হামাছৰ মুৰব্বী ইয়াহিয়া ছিনৱাৰক হত্যাৰ দাবী কৰিছে। ইজৰাইলী বাহিনীয়ে বুধবাৰে দক্ষিণ গাজাত এক অভিযানত ছিনৱাৰ নিহত হোৱা বুলি জানিবলৈ দিয়ে। কিছু মাহ পূৰ্বে হামাছৰ প্ৰাক্তন মুৰব্বী ইছমাইল হানিয়াক হত্যা কৰা হৈছিল। ছিনৱাৰৰ হত্যাত সংগঠনটোৱে নতুনকৈ ডাঙৰ আঘাতৰ সন্মুখীন হ’ল।

বৃহস্পতিবাৰে ইজৰাইলৰ সামৰিক আৰু চোৰাংচোৱা সংস্থা শ্বিন বেট-ৰ যৌথ বিবৃতিত কোৱা হৈছে যে ইজৰাইলৰ সেনাৰ ৮২৮ নং ব্ৰিগেডৰ দক্ষিণ গাজা  চলোৱা অভিযানত তিনিজন লোক নিহত হৈছে। মৃতদেহ তিনিটা চিনাক্ত হোৱাৰ পিছতে ইয়াহিয়া ছিনৱাৰৰ মৃত্যু হোৱা বুলি নিশ্চিত হয়। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে হামাছে একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

অৱশ্যে ছিনৱাৰৰ মৃত্যুৰ বিষয়টো ইজৰাইলৰ বৈদেশিক মন্ত্ৰী ইজৰাইল কাটজে নিশ্চিত কৰিছিল। এক বিবৃতিত তেওঁ কয় যে যোৱা বছৰৰ ৭ অক্টোবৰত ইজৰাইলত সংঘটিত হোৱা হত্যাকাণ্ড আৰু অত্যাচাৰৰ বাবে ইয়াহিয়া ছিনৱাৰ দায়ী। তেওঁক হত্যা কৰাটো ইজৰাইলৰ সামৰিক বাহিনীৰ বাবে এক বৃহৎ সামৰিক আৰু নৈতিক জয়।

লগতে পঢ়কঃ পান্নুন হত্যাৰ ষড়যন্ত্ৰত ভাৰতৰ প্ৰাক্তন RAW ৰ বিষয়াৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰিলে আমেৰিকাই

যোৱা জুলাই মাহত ইৰাণৰ ৰাজধানী তেহৰাণত ইজৰাইলৰ আক্ৰমণত নিহত হৈছিল হামাছৰ ৰাজনৈতিক শাখাৰ তেতিয়াৰ মুৰব্বী ইছমাইল হানিয়া। তাৰ পিছত ছিনৱাৰক হামাছৰ মুৰব্বী নিযুক্তি দিয়া হয়। তেওঁ বহুদিন ইজৰাইলত বন্দী হৈ আছিল। ২০১১ চনত বন্দী বিনিময়ৰ অধীনত তেওঁক মুকলি কৰি দিয়া হৈছিল।

ইপিনে প্ৰায় দুসপ্তাহ ধৰি ইজৰাইলে গাজাত সাহায্য প্ৰৱেশ কৰিবলৈ দিয়া নাই। ইজৰাইলৰ ‘ক্ষুধাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা’ নীতিয়ে এক নতুন বিতৰ্কৰ সূচনা কৰিছে। আমেৰিকাই কয় যে ৱাশ্বিংটনে ইজৰাইলে “ক্ষুধাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ নীতি” প্ৰয়োগ কৰিছে নে নাই সেইটো নিৰীক্ষণ কৰি আছে।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি অক্টোবৰৰ আৰম্ভণিৰ পৰা ১৩ দিন ধৰি ইজৰাইলে কোনো ধৰণৰ সাহায্য গাজাত প্ৰৱেশ কৰিবলৈ দিয়া নাই। পিছত আমেৰিকাকে ধৰি পশ্চিমীয়া দেশৰ হেঁচাত যোৱা বুধবাৰে ইজৰাইল চৰকাৰে ৫০খন সাহায্যবাহী ট্ৰাকৰ প্ৰৱেশৰ অনুমতি দিছিল। এই অৱৰোধ উপত্যকাত দিনটোত ৩৫০ ট্ৰাক সাহায্যৰ প্ৰয়োজন।

লগতে পঢ়কঃ আই পি এল জুৱা কেলেংকাৰীত গুৱাহাটীত ই ডিৰ জেৰাৰ সন্মুখীন অভিনেত্ৰী তমন্না ভাটিয়া

পেলেষ্টাইন শৰণাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্ম সংস্থা ইউএনআৰডব্লিউ-য়ে সকীয়াই দিছে যে গাজাত দুৰ্ভিক্ষৰ প্ৰকৃত আশংকা আছে। বুধবাৰে বাৰ্লিনৰ এটা সংস্থাৰ মুৰব্বী ফিলিপে লাজাৰিনিয়ে কয় যে ইয়াত প্ৰকৃত বিপদ আছে। আমি এনে এটা পৰিস্থিতিত প্ৰৱেশ কৰিছো, দুৰ্ভাগ্যজনকভাৱে, য’ত পুনৰ দুৰ্ভিক্ষ আৰু তীব্ৰ অপুষ্টি  ঘটাৰ আশংকা দেখা দিছে।

ইপিনে, লেবাননৰ সীমান্তত ইজৰাইল বাহিনী আৰু হিজবুল্লাহৰ মাজত তীব্ৰ যুদ্ধৰ বাতৰি পোৱা গৈছে। ইজৰাইলে পুনৰ লেবাননৰ টায়ৰে আৰু বেকা অঞ্চলৰ বাসিন্দাসকলক ঘৰ এৰি যাবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও কালি তেওঁলোকে দক্ষিণ লেবাননত ব্যাপক বিমান আক্ৰমণ চলায়।

আনহাতে, বৃহস্পতিবাৰ আৰু তাৰ আগদিনা বুধবাৰে লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাই ইজৰাইলৰ দুখন মাৰাকাভা টেংক ধ্বংস কৰাৰ দাবী উত্থাপন কৰে। হিজবুল্লাই কয় যে সীমান্ত অঞ্চলত হোৱা মুখামুখিৰ সময়ত দুখন টেংক “গাইডেড মিছাইল”ৰ দ্বাৰা ধ্বংস কৰা হয়।

Related News