নেতানিয়াহুৰ পদত্যাগক লৈ অস্থিৰ ইজৰাইল : যুদ্ধবিৰতিৰ দাবীত ৰাজপথত হাজাৰ-হাজাৰ জনতা

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ পদত্যাগ আৰু যুদ্ধবিৰতিৰ দাবীত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে।

যোৱা বছৰৰ মাজভাগত পেলেষ্টাইনীসকলৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইজৰাইলত চৰকাৰ বিৰোধী এইটোৱেই আটাইতকৈ ডাঙৰ প্ৰতিবাদ।

আজিৰ পৰা প্ৰায় ১১ মাহ পূৰ্বে ইজৰাইল-গাজা যুদ্ধ আৰম্ভ হৈছিল। কালি পেলেষ্টাইনত বন্দী হৈ থকা ৬ জন ইজৰাইলী পণবন্দীক হত্যা কৰাৰ খবৰ পোহৰলৈ অহাৰ পিছত ইজৰাইল ক্ষুব্ধ হৈ পৰে।

বিক্ষোভকাৰীসকলে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক তৎকালীনভাৱে পদত্যাগ কৰি গাজাত হামাছৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰি বাকী পণবন্দীসকলক মুক্ত কৰিবলৈ দাবী জনাইছে।

কালি স্থানীয় লোকে টেল আভিভৰ প্ৰায় সকলো পথ অৱৰোধ কৰে। পশ্চিম জেৰুজালেমত প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ৰ সন্মুখত সাধাৰণ লোকে বিক্ষোভ কৰিবলৈ ধৰে। ইয়াৰ পিছত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয়।

এই চৰম প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই ইজৰাইলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন ফেডাৰেচন হিষ্টাড্ৰুটে সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে। সংঘৰ মতে, যদিহে তেওঁলোকৰ দাবী পূৰণ নহয় তেন্তে সোমবাৰে পুৱা ৮ বজাৰ পৰা ইজৰাইলৰ মূল বিমানবন্দৰ বন্ধ থাকিব।

শীঘ্ৰে যুদ্ধবিৰতি ঘোষণা কৰি হামাছৰ সৈতে আলোচনাত সমাধান বিচাৰি উলিয়াব লাগে বুলি সংগঠনটোৱে দাবী জনাইছে।

ইফালে ইজৰাইলৰ বিৰোধী নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী য়াইৰ লাপিদে ট্ৰেড ইউনিয়নে আহ্বান কৰা ধৰ্মঘটৰ সমৰ্থন কৰিছে।

ইজৰাইল প্ৰশাসনৰ তথ্য অনুসৰি যোৱা বছৰৰ ৭ অক্টোবৰৰ পৰা ইজৰাইল সেনাই ৪০,৭৩৮ জন লোকক হত্যা কৰিছে। আনহাতে ইজৰাইলত হামাছৰ আক্ৰমণত ১১৩৯ জন লোক নিহত হয়। প্ৰায় ২৫০ ইজৰাইলীক এতিয়াও হামাছে পণবন্দী কৰি ৰাখিছে।

ইজৰাইলৰ সেনাবাহিনীৰ মতে, হামাছে এতিয়াও গাজাত ৯৭ জন পণবন্দী কৰি ৰাখিছে। লগতে ৩৩ জন লোকৰ মৃত্যু হৈছে।

উল্লেখ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহত এসপ্তাহজোৰা যুদ্ধবিৰতিৰ সময়ত কেইবাজনো পণবন্দীক মুকলি কৰি দিয়া হৈছিল। অৱশ্যে বন্দীসকলৰ আত্মীয়ৰ মতে ইজৰাইল চৰকাৰে তেওঁলোকক মুকলি কৰি দিয়াৰ কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই।