ইজৰাইলত বিপদাপন্ন গণতন্ত্ৰ! প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ পত্নীক আটক কৰি প্ৰতিবাদকাৰীৰ বিক্ষোভ

বেঞ্জামিন নেতানিয়াহু নিজৰ ৰাজনৈতিক কেৰিয়াৰত বহুবাৰ সংকটৰ সন্মুখীন হৈছে। প্ৰতিবাৰেই তেওঁ নিজৰ স্বমহিমাৰে ঘূৰি আহিছে। কিন্তু এইবাৰ তেওঁ এনে এক পৰিস্থিতিত পৰিছে যাৰ পৰা পৰিত্ৰাণ পোৱাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে।

সমগ্ৰ ইজৰাইলত বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে। এখন চেলুনলৈ যোৱাৰ সময়ত তেওঁৰ পত্নীক প্ৰতিবাদকাৰীসকলে আটক কৰিছিল। তেওঁৰ চাৰিওফালে ‘ছেম ছেম’ৰ ধ্বনি শুনা গৈছিল। অৱশ্যে, কোনেও ভিতৰলৈ গৈ প্ৰতিবাদ কৰা নাছিল।

অৱশেষত, বৃহৎ আৰক্ষীৰ দল তাত উপস্থিত হয় আৰু তেওঁক উদ্ধাৰ কৰে। নেতানিয়াহু আৰু তেওঁৰ পত্নীয়ে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ উজাৰি দিছে।

এই মুহূৰ্তত, নেতানিয়াহুৰ বিৰুদ্ধে সমগ্ৰ ইজৰাইলত ৰাজহুৱা প্ৰতিবাদ চলি আছে। প্ৰকৃততে কিহৰ বাবে উঠিছে এই ক্ষোভ? অভিযোগ কৰা হৈছে যে দেশৰ আইন ব্যৱস্থা সংশোধনৰ নামত উচ্চতম ন্যায়ালয়ৰ ক্ষমতা এনেদৰে হ্ৰাস কৰা হৈছে যে ইজৰাইলত গণতন্ত্ৰ প্ৰায় ধ্বংসৰ পথত। হাজাৰ হাজাৰ মানুহে জানুৱাৰীৰ পৰা তেল আভিভৰ ৰাজপথলৈ ওলাই গৈ প্ৰতিবাদ কৰিছে।

প্ৰতিবাদবোৰ ক্ৰমে শক্তিশালী হৈ আহিছে। ফলস্বৰূপে, তেওঁৰ পত্নী চাৰা নেতানিয়াহুক প্ৰতিবাদকাৰীসকলে আটক কৰে। তেওঁ চুলি কটাবলৈ চেলুনলৈ আহিছিল। পিছত আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰে।

নেতানিয়াহুৱে এক দশকৰ শাসনৰ পিছত যোৱা বছৰ জুনত ক্ষমতা হেৰুৱাইছিল। নাফাটালিয়ে মাত্ৰ এটা ভোটৰ ব্যৱধানত তেওঁক পৰাজিত কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী হৈছিল। কিন্তু ১ নৱেম্বৰত নেতানিয়াহু পুনৰ নিৰ্বাচনত জয়ী হৈ ক্ষমতালৈ উভতি আহে। আৰু তাৰ পিছতে তেওঁ এক শক্তিশালী আন্দোলনৰ সন্মুখীন হ’বলগীয়া হৈছে।