চন্দ্ৰযান-৩ লৈ চৰকাৰৰ সেউজ সংকেত; নতুন বৰ্ষত ইছৰোৰ অধ্যক্ষই প্ৰকাশ কৰিলে পৰিকল্পনা

ISRO Chief

ইছৰোৰ অধ্যক্ষ কে শিৱান

নতুন বছৰৰ আৰম্ভণিতে ইছোৰৰ অধ্যক্ষ কে শিৱানে ২০১৯ বছৰৰ উপলব্ধি আৰু ২০২০ বৰ্ষৰ লক্ষ্য সম্বন্ধে মত প্ৰকাশ কৰে।

শিৱানে তামিলনাডুৰ থুথুকুড়ীত নতুন মহাকাশ বন্দৰ প্ৰস্তুত কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে চন্দ্ৰযান-২ৰ অর্বিটাৰে বহুত ভালধৰণে কাম কৰি থকা বুলি মন্তব্য কৰি ই অনাগত সাত বছৰলৈ কৰ্মক্ষম হৈ থাকিব বুলি জনায়।

‘‘বিশ্বত জি পি এছ ছিষ্টেমক মান্যতা প্ৰদানকাৰী সংস্থা ৩-জি পি পি পিয়ে আমাৰ নাবিক পোজিছনিং ছিষ্টেমক মান্যতা প্ৰদান কৰিছে যাৰবাবে অতি শীঘ্ৰে দেশৰ সকলো মোবাইলত নিজৰ পোজিছনিং ছিষ্টেম উপলব্ধ হ’ব,’’ শিৱানে কয়।

আনহাতে, চন্দ্ৰযান-৩ৰ বাবেও চৰকাৰৰ অনুমতি লাভ কৰা হৈছে বুলি শিৱানে মন্তব্য কৰে।

চন্দ্ৰযান-৩ প্ৰায় চন্দ্ৰযান-২ৰ দৰেই হ’ব যদিও এইবাৰ মাত্ৰ লেণ্ডাৰ-ৰোবাৰ আৰু প্ৰোপলছন মডেল হ’ব।

চন্দ্ৰযান-২ৰ অর্বিটাৰে কাম কৰি থকা বাবে চন্দ্ৰযান-৩ৰ সৈতে অৰ্বিটাৰ পঠোৱা নহয় বুলিও শিৱানে উল্লেখ কৰি পূৰ্বৰ অৰ্বিটাৰৰ পৰা চন্দ্ৰযান-৩ ত সহায় লোৱা হ’ব বুলি কয়।

তদুপৰি, ২০১৯ বৰ্ষত গগনযান প্ৰকল্পৰো বহু কাম আগবাঢ়িছে বুলি মত প্ৰকাশ কৰি ইছৰোৰ অধ্যক্ষ গৰাকীয়ে ২০২০ চনত গগনযানৰ বাবে বাচনি কৰা চাৰিগৰাকী মহাকাশচাৰীক প্ৰশিক্ষণৰ বাবে পঠোৱা হ’ব বুলি কয়।

২০১৯ বৰ্ষত চন্দ্ৰযান-২ৰ অভিজ্ঞতা বৰ্ণনা কৰি শিৱানে কয়, ‘‘চন্দ্ৰযান-২ৰ লেণ্ডাৰৰ গতিৰ পৰিমাণ বেছি হোৱা বাবে হাৰ্ড লেণ্ডিং হৈছিল।’’

আনহাতে, চন্দ্ৰযান-২ৰ বিফলতাৰ বাবে অন্য চেটেলাইট লঞ্চ কৰাৰ ক্ষেত্ৰতো পলম হোৱা বুলি ওলোৱা অভিযোগ সম্পুৰ্ণ মিছা বুলিও ইছৰোৰ অধ্যক্ষ গৰাকীয়ে কয়।

২০১৯ বৰ্ষৰ অভিজ্ঞতাই ২০২০ বৰ্ষত ভাৰতীয় মহাকাশ গৱেষণা প্ৰযুক্তিক আৰু অধিক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত ভাৰতীয় বিজ্ঞানী সকলক সহায় কৰিব বুলি শিৱানে কয়।