NORTHEAST NOW (Assamese)

ISROৱে পুনৰ ৰচিলে ইতিহাস! উৎক্ষেপণ কৰিলে ৩৬ টা উপগ্ৰহৰ সৈতে আটাইতকৈ গধুৰ ৰকেট LVM-3

March 26, 2023 10:06 am · এন ই নাও নিউজ, গুৱাহাটী

ইছৰোৱে আজি ইয়াৰ আটাইতকৈ গধুৰ ৰকেট এলভিএম-৩ উৎক্ষেপণ কৰে। ব্ৰিটেইনৰ কোম্পানী ৱানৱেবৰ ৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহ কঢ়িয়াই ৰকেটটো অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৰা মাৰে।

ইছৰোৰ লক্ষ্য হৈছে বিশ্বক উন্নত সংযোগ প্ৰদান কৰা। ব্ৰিটেইন-ভিত্তিক নেটৱৰ্ক এক্সেছ এছ’চিয়েটছ লিমিটেডে (ৱানৱেব গ্ৰুপ কোম্পানী) ইছৰোৰ বাণিজ্যিক শাখা নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ সৈতে ৭২ টা উপগ্ৰহ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে।

ৱানৱেবৰ বাবে প্ৰথম ৩৬ টা উপগ্ৰহ ২৩ অক্টোবৰ, ২০২২ তাৰিখে উৎক্ষেপণ কৰা হৈছিল। ইছৰোৱে এক জাননীত কৈছে যে এলভিএম-এম৩ / ৱানৱেব ইণ্ডিয়া-২ অভিযানৰ গণনা আৰম্ভ হৈছে। ইছৰোৰ বাবে এইটো ২০২৩ চনৰ দ্বিতীয়টো উৎক্ষেপণ।

ৱানৱেবে কয় যে ১৮ তম উৎক্ষেপণ সম্পূৰ্ণ হৈছে। আৰু ৩৬ টা উপগ্ৰহ উৎক্ষেপণৰ সৈতে পৃথিৱীৰ কক্ষপথত স্থাপন কৰা আমাৰ উপগ্ৰহৰ সংখ্যা হ’ব ৬১৬টা। এইবছৰ গোলকীয় সেৱা আৰম্ভ কৰিবলৈ ইয়েই পৰ্যাপ্ত।

Related News