মহাকাশত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ভাৰত, কি সেই দুৰ্ঘটনা?

a indo

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ভাৰত।

এই দুৰ্ঘটনা আকৌ পৃথিৱীত হোৱা দুৰ্ঘটনা নহয়,এই দুৰ্ঘটনা সংঘটিত হবলৈ ধৰিছিল মহাকাশত।

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ বহু উন্নত দেশক প্ৰত্যাহ্বান জনাই ভাৰতে আগুৱাই গৈছে।

ভাৰতে ইতিমধ্যে ঘৰুৱা ভাবে সাজি উলিওৱা কেইবাটাও কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণো কৰিছে। কেৱল সেয়াই নহয়, বিদেশী ৰাষ্ট্ৰো বহু কেইটা কৃত্ৰিম উপগ্ৰহ ভাৰতৰ মাটিৰ পৰাই মহাকাশলৈ উৎক্ষেপন কৰা হৈছে।

এক কথাত কবলৈ গ’লে আমেৰিকা, ৰাছিয়াৰ দৰেই মহাকাশত ভাৰতেও সমানে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ ভাৰত আৰু ৰাছিয়াৰ দুটা কৃত্ৰিম উপগ্ৰহ ইটোৱে-সিটোৰ নিচেই কাষ চাপি আহে।

দুয়োটা উপগ্ৰহৰ মাজত দূৰত্ব কমি অহাৰ ফলত উপগ্ৰহ দুটা সংঘৰ্ষত লিপ্ত হোৱাৰ উপক্ৰম ঘটিছিল যদিও সৌভাগ্যক্ৰমে সেয়া হবলৈ নাপালে।

ৰাছিয়াৰ Kanopus–V আৰু ভাৰতৰ Cartosat 2F কৃত্ৰিম উপগ্ৰহ দুটা নিচেই কাষ চাপি অহাৰ কথা প্ৰকাশ কৰিছে ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা Roscosmos-এ।

সংস্থাটোৰ মতে দুয়োটা উপগ্ৰহৰ মাজত দূৰত্ব হৈছিল মাত্ৰ ২২০ মিটাৰ। উপগ্ৰহ দুটাই খুন্দা খালে মহাকাশত বিষম পৰিস্থিতিৰ সৃষ্টি হ’লহেঁতেন বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।

মহাকাশত বিভিন্ন দেশৰ কৃত্ৰিম উপগ্ৰহৰ সংখ্যা লক্ষ্যণীয় ভাবে বৃদ্ধি পোৱাৰ ফলতে এনে দুৰ্ঘটনাৰ আশংকা বাঢ়ি গৈছে।মাটিৰ পৰা প্ৰায় ৫০০-২০০০ কিলোমিটাৰ ওপৰত হাজাৰৰো অধিক কৃত্ৰিম উপগ্ৰহই পৃথিৱীৰ কক্ষপথৰ চাৰিওফালে ঘূৰি আছে।

২০১৯ চনত ৰাছিয়া আৰু আমেৰিকাৰ দুটা কৃত্ৰিম উপগ্ৰহৰ মাজত হোৱা সংগৰ্ষৰ ফলত আন ভালেকেইটা উপগ্ৰহ ক্ষতিগ্ৰস্ত হৈছিল।