• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি বিধায়কৰ পুত্ৰৰ উদ্ভণ্ডালী উদঙাই দিয়াটোৱেই অপৰাধ! ভুৱা গোচৰত গ্ৰেপ্তাৰ সাংবাদিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2025 8:31 pm
196
VIEWS
Share on FacebookShare on Twitter

বিধায়কৰ পুত্ৰৰ বাতৰি কৰিলেই জেললৈ যাব লাগিব সাংবাদিক! বিধায়কৰ পুত্ৰৰ কুকৰ্ম প্ৰচাৰ কৰাৰ বাবেই গ্ৰেপ্তাৰ হ’ল নেকি সাংবাদিক?

এই খবৰ বিশ্বনাথ জিলাৰ চতিয়াৰ। ‘ঈশান নিউজ’ৰ বিশ্বনাথৰ সাংবাদিক আবুল মাজানক গ্ৰেপ্তাৰ কৰিছে চতিয়া আৰক্ষীয়ে। চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰই ‘হিট  এণ্ড ৰাণ’ৰ অপৰাধ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ ভিত্তিৰ বাতৰি পৰিৱেশন কৰিছিল চতিয়াৰ সাংবাদিক আবুল মাজানে।

এইটোৱেই আছিল সাংবাদিক জনৰ অপৰাধ। যাৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ল তেওঁক।

সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিছে সচেতন মহলে। এই ঘটনাক গৰিহণা দি ফেচবুকত অখিল গগৈয়ে লিখিছে –
‘ঈশান নিউজ’ৰ বিশ্বনাথৰ সাংবাদিক আবুল মাজানক গ্ৰেপ্তাৰ চতিয়া আৰক্ষীৰ।

বিধায়ক পুত্ৰৰ HIT&RUN অভিযোগৰ বাতৰি পৰিৱেশনৰ ‘গুৰুতৰ অপৰাধ’ত গ্ৰেপ্তাৰ সাংবাদিকগৰাকীক। ইয়াৰ নামেই ‘পুলিচৰ শাসন’। “মুখ্যমন্ত্ৰী মহোদয়, ধৰি ল’লো সাংবাদিকজনে ভুল বাতৰি পৰিৱেশন কৰিলে।তাৰ বিচাৰ গ্ৰেপ্তাৰনে? অভিযুক্তজনে এনে ক্ষেত্ৰত মান হানিৰ গোচৰ দিব, আদালতলৈ যাব , বিচাৰ হ’ব, ৰায় দিব। কিন্তু আপোনাৰ পুলিচে দেখ দেখ ৰাজনীতিকৰ প্ৰভাৱত বেআইনী কাম কৰিছে। যদি ভুৱাকৈ এজাহাৰো দিছে, তাত জামিন অযোগ্য ধাৰাও আছে, তথাপি পুলিচে সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা অনুচিত। উত্তৰ অসমত এজন ৰাজনীতিকৰ মাফিয়াগিৰি চলি আছে , মুখ্যমন্ত্ৰী ডাঙৰীয়া।

আমি সাংবাদিকজনৰ গ্ৰেপ্তাৰৰ নিন্দা কৰিছো আৰু তেওঁক মুকলি কৰি দিবলৈ Himanta Biswa Sarma ডাঙৰীয়া আৰু GP Singh ডাঙৰীয়াক আহ্বান জনাইছো। এই জংগলৰাজ বন্ধ কৰক ডাঙৰীয়া।”

গুৱাহাটী প্ৰেছ ক্লাৱে এই ঘটনাক গৰিহণা দি এক বিবৃতি প্ৰকাশ কৰিছে – “বিশ্বনাথৰ ঈষান নিউজৰ সাংবাদিক আবুল মাজানক গ্ৰেপ্তাৰ কৰা কাৰ্যত গুৱাহাটী প্ৰেছ ক্লাবে উদ্বেগ প্ৰকাশ কৰে৷ এটা বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয় যে  আৰক্ষী প্ৰশাসনে কিছু বছৰৰ পৰা বিভিন্ন ক্ষেত্ৰত সাংবাদিকসকলক বিভিন্ন অজুহাত দেখুৱাই শাৰীৰিক- মানসিক নিৰ্যাতন চলাই আহিছে৷ আবুল মাজান নামৰ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কাৰণ জানিবলৈ ঈষান নিউজ কৰ্তৃপক্ষই আৰক্ষীৰ লগত যোগাযোগ কৰিছিল যদিও কোনো উত্তৰ নিদিলে যদিও  হিট এণ্ড ৰানৰ এটা বাতৰি পৰিৱেশন কৰা বাবে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উঠিছে৷ আৰক্ষী প্ৰশাসনে সাংবাদিকসকলক সহজলক্ষ্য কৰি লোৱা এই কাৰ্য গ্ৰহণযোগ্য নহয় আৰু শীঘ্ৰে তেওঁক মুকলি কৰি দিবলৈ গুৱাহাটী প্ৰেছ ক্লাবে দাবী জনায়৷”

জাৰ্নেলিষ্ট এচচিয়েশ্যন ফ’ৰ আছামে জাৰি কৰা এটা বিবৃতিত কৈছে –  “ঈশান নিউজৰ সাংবাদিক আবুল মাজানক বিনাচৰ্তে মুকলিৰ দাবী জাফাৰ হিট এণ্ড ৰাণ সম্পৰ্কীয় এক বাতৰি পৰিৱেশন কৰাৰ অপৰাধত বিশ্বনাথৰ ঈশান নিউজৰ সাংবাদিক আবুল মাজানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক ধিক্কাৰ দি শীঘ্ৰেই সাংবাদিক গৰাকীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাইছে জাফাই।

এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয় যে – হিট এণ্ড ৰাণ সম্পৰ্কীয় বাতৰি পৰিৱেশন কৰাৰ বাবে সাংবাদিক আবুল মাজানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাতো ৰাজ্যৰ সাংবাদিক সমাজৰ বাবে অতিকৈ চিন্তনীয় বিষয় ।

সত্য বাতৰি পৰিবেশনত সাংবাদিকৰ কলম স্থবিৰ কৰাৰ অভিপ্ৰায়েৰে তথা মুখ বন্ধ কৰাৰ বাবে এই ধৰণৰ ঘটনা সময়ে সময়ে সংঘটিত হৈ আহিছে বুলি উল্লেখ কৰি বিবৃতিটোত জাফাৰ তৰফৰ পৰা কোৱা হয় যে – ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা সাংবাদিক নিগ্ৰহ – আক্ৰমণৰ ঘটনা সন্দৰ্ভত সংগঠনটোৱে ৰাজ্যৰ মুখ্য মন্ত্ৰীক এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি সাংবাদিকৰ সুৰক্ষা আৰু বাক স্বাধীনতা অক্ষুণ্ণ ৰখাৰ দাবী জনাব।”

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd