সেন্দুৰ লোৱাতো বিবাহিতা হিন্দু নাৰীৰ ধৰ্মীয় কৰ্তব্য : মধ্যপ্ৰদেশৰ আদালত 

সেন্দুৰ লোৱাতো বিবাহিতা হিন্দু নাৰীৰ ধৰ্মীয় কৰ্তব্য। যিটোৱে লোক সমাজত প্ৰমাণ কৰে যে মহিলাগৰাকী বিবাহিত। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ ইন্দোৰৰ আদালতে এটা গোচৰ সম্পৰ্কত এনে নিৰ্দেশ দিছে।

ইন্দোৰৰ পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছিল এগৰাকী মহিলাই। মহিলাগৰাকীয়ে ধনৰ বাবে স্বামীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। এই গোচৰৰ শুনানি গ্ৰহণ কৰিছিল মুখ্য ন্যায়াধীশ এন পি সিঙৰ বিচাৰপীঠে।

গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ এন পি সিঙে কয় যে, “যেতিয়া মহিলাগৰাকীৰ বক্তব্য আদালতত লিপিবদ্ধ কৰা হৈছিল, তেতিয়া তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ সেন্দুৰ নলয়। সেন্দুৰ পিন্ধাটো এগৰাকী পত্নীৰ ধৰ্মীয় কৰ্তব্য আৰু ইয়াৰ দ্বাৰা মহিলাগৰাকী বিবাহিত হোৱাটো প্ৰমাণিত হয়।”

গোচৰ সম্পৰ্কত আদালতে জনাইছে যে অভিযোগকাৰী মহিলাগৰাকীয়ে তেওঁৰ অভিযোগ সন্দৰ্ভত কোনো অভিযোগ বা প্ৰতিবেদন আৰক্ষীক দাখিল কৰা নাছিল। আবেদনকাৰীৰ অধিবক্তা শুভম শৰ্মাই কয় যে মহিলাগৰাকীয়ে ২০১৭ চনত বিবাহপাশত আবদ্ধ হৈছিল। ৫ বছৰীয়া এটি পুত্ৰ সন্তানো আছে দম্পতীহালৰ।