ৰাষ্ট্ৰীয় জনতা দল নেতা লালু প্ৰসাদ যাদৱ তেওঁৰ অনন্য ভংগীমা, শৈলী আৰু হাস্যৰসময়ী মন্তব্যৰ বাবে সমগ্ৰ ভাৰততে পৰিচিত। বৃহস্পতিবাৰে পাটনাত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত তেওঁৰ বাকশৈলী পুনৰ প্ৰদৰ্শিত হয়। ৰাহুল গান্ধীৰ বিবাহৰ পৰামৰ্শ দিলে লালু প্ৰসাদ যাদৱে।
উক্ত সংবাদ মেলত লালু প্ৰসাদে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে যুঁজিবলৈ সাজু বুলিও কয়।
মন কৰিবলগীয়া যে বিৰোধী দলসমূহৰ ঐক্যৰ বাবে বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া বৈঠকত তেওঁ অংশগ্ৰহণ কৰাৰ কথা। বৃহস্পতিবাৰে পাটনাত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত লালু প্ৰসাদে কয়, নৰেন্দ্ৰ মোডীৰ বিদায়ৰ বাবে সাজু হওক।”
প্ৰধানমন্ত্ৰী পদৰ বাবে বিৰোধীৰ মুখ আৰু ৰাহুল গান্ধীক বিবাহৰ পৰামৰ্শৰ সন্দৰ্ভতো লালু প্ৰসাদক প্ৰশ্ন কৰা হয়। তেওঁ কটুক্তিৰে ক’লে, প্ৰধানমন্ত্ৰী… প্ৰধানমন্ত্ৰীৰ বাসগৃহত পত্নী অবিহনে থকাটো বৰ অন্যায়, যিয়েই নহওক, তেওঁ পত্নীৰ লগত থাকিব লাগে।
লগতে পঢ়কঃ সঁচাকৈয়ে আহিল নেকি মোডী চৰকাৰৰ ‘ভাল দিন’? দেশত এতিয়া ভিক্ষাৰীও কোটিপতি
লগতে পঢ়কঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনত ৪০০তকৈও অধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে : নোমল মমিন
লগতে পঢ়কঃ উপায়হীন ঠিকাদাৰ! চৰকাৰে বিল পৰিশোধ নকৰাৰ বাবে ডিজিপি কাৰ্যালয়ত সমবেত ঠিকাদাৰৰ দল