ক’ৰ’ণা ভাইৰাছৰ আতংক : ভেলেন্টাইন ডে’ত ‘চুম্বন’ কিমান সুৰক্ষিত?

চুম্বনৰ দ্বাৰাও বিয়পিব পাৰে নেকি এই কাল ভাইৰাছ?

bf37c238-f2a7-4481-b358-99be1ad0c54f

প্ৰতিনিধিত্বমূলক ফটো

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীন দেশত কাল সংহাৰী ৰূপ লোৱা ক’ৰ’ণা ভাইৰাছৰ আতংক ভাৰতৰ লগতে অসমৰ সৰ্বৰ্ত্ৰে বিৰাজমান। এই আতংকৰ মাজতে কাইলৈ বিশ্বজুৰি উদযাপিত হব‘ভেলেন্টাইন ডে’।

ভেলেন্টাইন ডে’ৰ দিনা প্ৰেমিক যুগলৰ পৰস্পৰে পৰস্পৰক কৰা চুম্বন কিমান সুৰক্ষিত হ’ব তাক লৈ এতিয়া সৰ্বৰ্ত্ৰে চৰ্চা চলিছে।

যদি আপুনিও এগৰাকী প্ৰেমিক বা প্ৰেমিকা তেন্তে সাৱধান হওঁক । কিয়নো চুম্বনৰ দ্বাৰাও নিশ্চিতভাৱে বিয়পিব পাৰে মাৰাত্মক ক’ৰ’ণা ভাইৰাছ। এই কথা নিশ্চিত কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত এগৰাকী চিকিৎসকে।

‘নিশ্চিতভাৱে এই মাৰাত্মক ভাইৰাছ চুম্বনৰ জৰিয়তেও বিয়পিব পাৰে। চুম্বন বাদেই যদি ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত কোনো লোকে ২ মিটাৰ আঁতৰত কাঁহে, তেন্তে ২ মিটাৰ দূৰ পৰ্য্যন্ত থকা লোকৰ দেহলৈ এই মাৰাত্মক ভাইৰাছ বিয়পিব পাৰে,‘-নাম প্ৰকাশত অনিচ্ছুক চিকিৎসকগৰাকীয়ে আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

আনহাতে, এগৰাকী বিজ্ঞানীয়েও জনসাধাৰণক ক’ৰোনা ভাইৰাছ বিয়পোৱা প্ৰতিৰোধ কৰিবলৈ চুম্বন তথা আলিংগন কৰা উচিত নহয় বুলি কৈছে।

কুইন মেৰী য়ুনিভাৰ্ছিটিৰ অধ্যাপক জন অক্সফ’ৰ্ডে ভেলেন্টাইন ডে’ৰ পূৰ্বে এই ৰোগটোক এটা ‘ছচিয়েল ভাইৰাছ’ বুলি বৰ্ণনা কৰি ই বহু ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰা বুলি উল্লেখ কৰে আৰু জনসাধাৰণক এনে সম্পৰ্ক কৰ্তন কৰিলে ইয়াক পৰাজিত কৰিব পাৰি বুলি সদৰী কৰে।

এক সুত্ৰৰ পৰা জানিব পৰা মতে চীনত অধ্যয়নৰত অসমৰ এগৰাকী ছাত্ৰী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে আৰু তেওঁ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই.চি.যুত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। জিএমচিএইচৰ চিকিৎসকৰ এটা দলে ছাত্ৰীগৰাকীৰ পৰীক্ষা নিৰীক্ষা চলাই আছে। বৰ্তমানলৈকে ছাত্ৰীগৰাকীৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে, এই মাৰাত্মক ভাইৰাছে চীন দেশত মাৰাত্মক ৰূপ লোৱা পৰিলক্ষিত হৈছে। প্ৰতিদিনে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ হাৰো দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চীনত বৰ্তমানলৈকে ১৩৬৭ গৰাকী লোক এই মাৰাত্মক ভাইৰাছৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছে। লগতে বৰ্তমানলৈকে ৫৯,৮০৫ গৰাকী লোক এই মাৰাত্মক ভাইৰাছৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছে।

ইয়াৰোপৰি, এতিয়ালৈকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ (গুৱাহাটী)ত ১৭৯জন, মোহনবাৰী বিমান বন্দৰ (ডিব্ৰুগড়)ত ৬৩জন, ৰৰৈয়া বিমান বন্দৰ (যোৰহাট) ৭জন, কুম্ভীৰগ্ৰাম বিমান বন্দৰ (শিলচৰ)ত ৭জন, লীলাবাৰী বিমান বন্দৰ (লখিমপুৰ) ২৫জন আৰু শালনিবাৰী বিমান বন্দৰ (তেজপুৰ)ত ১১জন লোকক পৰীক্ষা (screening) কৰা হৈছে।

৫৬জন যাত্ৰীক ক’ৰ’না ভাইৰাছ সংক্ৰমণ ঘটা দেশৰ পৰা অহা বুলি চিনাক্ত কৰা হৈছে আৰু এওঁলোকক ঘৰতে আনৰ পৰা বিচ্ছিন্ন অৱস্থাত (home isolation) অৱস্থাত ৰখা হৈছে।