সন্দেহৰ কলীয়া ডাৱৰ: এই সমষ্টিটোত দুৰ্গ ৰক্ষা কৰিব পাৰিবনে বিজেপিয়ে?

a pho12

ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি দলে ২০২১ৰ বিধানসভা নিৰ্বাচনত ১০০+ আসন লাভ কৰিব বুলি কৈ আহিছে যদিও বহু কেইটা সমষ্টি এইবাৰ গেৰুৱা দলটোৰ হাতৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

বিজেপিৰ দখলৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা থকা সমষ্টি সমূহৰ ভিতৰত এটা হৈছে বিলাসীপাৰা পূৱ সমষ্টি।

এই সমষ্টিটোত এইবেলি বিজেপিৰ সৈতে আন প্ৰতিদ্বন্দ্বি দল বিশেষকৈ কংগ্ৰেছ  মহাজোঁটৰ প্ৰাৰ্থীৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাটো খাটাং হৈ পৰিছে।

বহু ভাষা-ভাষী তথা সম্প্ৰদায়ৰ লোকেৰে পৰিপূৰ্ণ বিলাসীপাৰা পূৱ সমষ্টিটোত বিজেপি প্ৰাৰ্থী হিচাবে অশোক সিংহীয়ে ২০১৬ৰ নিৰ্বাচনত জয় লাভ কৰিছিল।

এইবাৰো বিজেপিয়ে সমষ্টিটোত অশোক সিংহীকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিগত বিধানসভা নিৰ্বাচনত অশোক সিংহীয়ে লাভ কৰিছিল ৫৯,২০৬ টা ভোট।

কিন্তু এইবাৰ হয়তো গেৰুৱা দলৰ বাবে সমষ্টিটো ধৰি ৰখা সম্ভৱ নহ’ব।

বুজন সংখ্যক মুছলমান ভোটাৰ থকা বিলাসীপাৰা পূৱ সমষ্টিত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইডিএফৰ মাজত হোৱা ভোট বিভাজনৰ বাবেই বিজেপিৰ প্ৰাৰ্থী অশোক সিংহীয়ে কাণে কাণ মাৰি বিজয়ী হ’বলৈ সক্ষম হৈছিল। বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ৫৯,২০৬ টা ভোটৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী অমৃত বাদশাই লাভ কৰিছিল ৫৪,১১০ টা ভোট।

অৰ্থাৎ অশোক সিংহীয়ে ৫,০৯৬ টা ভোটৰ ব্যৱধানতহে জয়ী হ’বলৈ সক্ষম হৈছিল।

আনহাতে সেই নিৰ্বাচনতে সমষ্টিটোত এআইইউডিএফৰ প্ৰাৰ্থী মোছলেমউদ্দিন চৌধুৰীয়ে লাভ কৰিছিল ৪৩,২১৩ টা ভোট।

এই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰে যে সেই বেলি কংগ্ৰেছ আৰু এআইডিএফৰ মাজত স্পষ্ট ভোট বিভাজন ঘটাৰ বাবেই বিজেপি প্ৰাৰ্থী অশোক সিংহীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

লক্ষ্যণীয় কথাটো হ’ল ২০১১ চনৰ বিধানসভা নিৰ্বাচনত বিলাসীপাৰা পূৱ সমষ্টিত বিজেপি প্ৰাৰ্থী মিনতি সৰকাৰ ৰয়ে লাভ কৰিছিল মাত্ৰ ১০০৭ টা ভোট।

বিজেপিৰ বিশেষ আধিপত্য নথকা সমষ্টিটোত এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটৰ ভোট বিভাজন হোৱাৰ মুঠেও আশংকা নাই।

এইবাৰ কংগ্ৰেছ মহাজোঁটে বিলাসীপাৰা পূৱ সমষ্টিটো এৰি দিছে এআইইউডিএফক।সেই প্ৰাৰ্থীগৰাকীৰ পক্ষতে সমষ্টিটোৰ কংগ্ৰেছ ভোট খিনিও পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

এনে পৰিস্থিতিত এইবেলি সমষ্টিটোত বিজেপিৰ সূৰ্যাস্ত ঘটাৰেই সম্ভাৱনা অধিক বুলি বিভিন্ন মহলত আলোচনা হৈছে।