ইটালীয়ে জব্দ কৰিলে পুটিন ঘনিষ্ঠ ৰাছিয়ান পুঁজিপতিৰ বিশাল প্ৰমোদতৰী; মূল্য কিমান জানেনে?

WhatsApp Image 2022-03-14 at 5.45.33 PM

এখন নাও। কিন্তু এইখন সাধাৰণ নাও নহয়। এখন ফুটবল খেলপথাৰৰ সমান বিশালাকৃতিৰ এই নাও তথা প্ৰমোদতৰীখনৰ মূল্য হৈছে পাঁচশ আঠসত্তৰ মিলিয়ন ডলাৰ। ভাৰতীয় মূল্যত চাৰিহেজাৰ কোটিতকৈ অধিক।

মূলত: আমোদ-প্ৰমোদৰ বাবে ব্যৱহাৰ কৰা এই নাওখন ইটালীৰ আৰক্ষীয়ে জব্দ কৰিছে। তাৰপাছতে সৃষ্টি হৈছে তীব্ৰ কৌতূহলৰ। ১৪৩ মিটাৰ দৈৰ্ঘৰ এই নাওখনৰ গৰাকী হৈছে আন্দ্ৰেই ইগ’ৰেভিছ মেলনিচেংক’ নামৰ এগৰাকী ৰাছিয়ান পুঁজিপতি। সাৰ আৰু শক্তিখণ্ডৰ কেইবাটাও ব্যৱসায়ী সংস্থাৰ স্বত্বাধিকাৰ এই পুঁজিপতিজন ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ অতি ঘনিষ্ঠ।

লগতে পঢ়ক: গুৰুতৰভাৱে অসুস্থ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন! কি হৈছে পুটিনৰ?

উল্লেখযোগ্য যে ইউক্ৰেইন যুদ্ধৰ ফলস্বৰূপে ইউৰোপিয়ান ইউনিয়নে ইতিমধ্যে ৰাছিয়াৰ পুঁজিপতি ব্যৱসায়ীসকলৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি, ইটালীকে ধৰি ইউৰোপৰ বিভিন্ন দেশত থকা তেওঁলোকৰ বিলাসী সম্পত্তিসমূহ জব্দ কৰা হৈছে।

লগতে পঢ়ক: যুদ্ধৰ খবৰ: এদিনতে ৰাছিয়াৰ চাৰিখন যুদ্ধবিমান গুলীয়াই ভূপতিত কৰাৰ দাবী ইউক্ৰেইনৰ

সেয়ে ইটালীৰ ট্ৰিয়েষ্টে নামৰ উপকূলীয় চহৰখনৰ বন্দৰত থকা বিলাসী নাওখন দেশখনৰ আৰক্ষীয়ে নিজৰ হাতলৈ নিয়ে।শুকুৰবাৰে ইটালীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নাওখন জব্দ কৰাৰ কথা ঘোষণা কৰে।

জানিব পৰামতে, জাৰ্মানীত নিৰ্মাণ কৰা এই নাওখন বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰমোদতৰী।