NORTHEAST NOW (Assamese)

ক’ৰ’নাত আক্ৰান্ত হৈ এই গৰাকী ইটালীয়ান প্ৰাক্তন অলিম্পিক খেলুৱৈৰ মৃত্যু

April 9, 2020 7:30 am · এন ই নাও নিউজ
দোনাতো চাবিয়া

অলিম্পিকৰ ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ দুবাৰৰ ফাইনেলিষ্ট ইটালীৰ দোনাতো চাবিয়াই ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বুলি বুধাবাৰে উল্লেখ কৰে ইটালীয়ান অলিম্পিক কমিটিয়ে।

এক প্ৰেছ বিবৃতিত ইটালীয়ান অলিম্পিক কমিটিয়ে ৫৬ বছৰীয়া প্ৰাক্তন তাৰকা এথলীট গৰাকী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ বিগত কিছু দিনৰ পৰা পোটেনজাৰ চান কাৰ্লো হস্পাতালৰ আই চি য়ুত চিকিৎসাধীন হৈ আছিল বুলি উল্লেখ কৰে।

দোনাতো চাবিয়া ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা বিশ্বৰ প্ৰথম গৰাকী অলিম্পিক ফাইনেলিষ্ট হিচাপেও ইটালীয়ান অলিম্পিক কমিটিয়ে বিবৃতিটোত প্ৰকাশ কৰে।

বিবৃতিটোত চাবিয়াৰ পিতৃৰো কিছুদিন পূৰ্বে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছিল বুলি উল্লেখ কৰা হয়।

ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা ইটালীয়ান এথলীট গৰাকীয়ে ১৯৮৪ চনৰ ল’ছ এঞ্জেলছ অলিম্পিক আৰু ছিউল অলিম্পিকৰ ৮০০ মিটাৰ দৌৰত ক্ৰমে পঞ্চম আৰু সপ্তম স্থান অধিকাৰ কৰিছিল।

চাবিয়াই ইউৰোপিয়ান ইণ্ডোৰ চেম্পিয়নশ্বিপত ১৯৮৪ চনত একেটা শাখাত সোণৰ পদক অৰ্জন কৰিছিল।

উল্লেখযোগ্য যে, ইটালীত ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছিল আৰু বৰ্তমানলৈ দেশখনত প্ৰায় ১৩,০০০ অধিক লোকে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

Related News