• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Video|| বিজেপি কাৰ্য্যালয়তে সমাধি নিহতক, জুইত উঃ মুখ্য মন্ত্ৰীৰ ঘৰ, সেনাক আক্ৰমণ, উত্তপ্ত ইটানগৰ

সহমতত উপনীত নোহোৱাকৈ নামচাই আৰু চাংলাঙত ৬টা "অ-অৰুণাচলী গোষ্ঠী''ক স্থায়ী আৱাসীৰ মৰ্য্যাদা দিবলৈ শাসকীয় বিজেপি চৰকাৰে আনিব খোজা বিধেয়কৰ বিৰুদ্ধে হিংস্ৰ আন্দোলনটো আৰম্ভ হৈছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2019 5:53 pm
983
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া অৰুণাচল প্ৰদেশত পি আৰ চি-বিৰোধী উগ্ৰ প্ৰতিবাদে শ্মশানত পৰিণত কৰিছে ইটানগৰত নিৰ্মীয়মান শাসকীয় বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়।

সান্ধ্য আইন ওফৰাই নিৰ্মীয়মান কাৰ্য্যালয় ভৱনটোতে দেওবাৰে দুপৰীয়া প্ৰতিবাদী ৰাইজে সমাধিস্থ কৰিছে নিৰাপত্তাৰক্ষীৰ গুলীত শুকুৰবাৰে নিহত ৰিছ’ তাৰিৰ মৃতদেহ। ইন্দিৰা গান্ধী পাৰ্কত ৰাজহুৱা শ্ৰদ্ধাঞ্জলীৰ বাবে ৰখা যুৱকজনৰ কফিন নি যোৱা ৭ জানুৱাৰিত ভূমি পূজন হোৱা বিজেপি কাৰ্য্যালয়টোত পুতি পেলোৱা হৈছে।

তাৰিৰ উপৰি নিৰাপত্তাৰক্ষীৰ গুলীত এতিয়ালৈকে নিহত হৈছে আৰু তিনিজন যুৱক। তাৰে দুজনক বিকি ৰুজা আৰু ৱাংদি চেৰিং বুলি চিনাক্ত কৰা হৈছে, আনজনৰ সবিশেষ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

খোদ উপ মুখ্য মন্ত্ৰী চাওনা মিন, দিচি-এচ পিৰ কাৰ্য্যালয়ো দেওবাৰে লণ্ডভণ্ড কৰিছে উন্মত্ত প্ৰতিবাদকাৰীয়ে। উপ মুখ্য মন্ত্ৰী মিনক ৰাজধানীৰ পৰা নামচাইলৈ আঁতৰাই পঠোৱা হৈছে। গুৰুতৰভাৱে আহত হৈছে এচ পি-পৰ্য্যায়ৰ এজন আৰক্ষী বিষয়া।

গুলীবৰ্ষণ আৰু শনিবাৰৰ পৰা নিয়োজিত সেনাবাহিনীকো কেৰেপ নকৰি আজিও অব্যাহত আছে হিংস্ৰ গণ আন্দোলন। খোদ সেনাৰ কনভয় আক্ৰমণৰ গৰাহত পৰিছে।

পাহাৰীয়া ৰাজ্যখনৰ সৰ্ববৃহৎ সম্প্ৰদায় নিচি অধ্যূষিত ইটানগৰ, নাহৰলগুন, নিৰজুলি আৰু অসম সীমান্তৰ বান্দৰদেৱাত মূলতঃ উগ্ৰ ৰূপ লৈছে আন্দোলনটোৱে।

দীৰ্ঘদিনধৰি অৰুণাচলত বাস কৰি অহা ৬টা “অ-অৰুণাচলী গোষ্ঠী”ক নামচাই আৰু চাংলাং জিলাত স্থায়ী আৱাসীৰ মৰ্য্যাদা দিবলৈ সহমতত উপনীত নোহোৱাকৈ শাসকীয় বিজেপি চৰকাৰে আনিব খোজা বিধেয়কৰ বিৰুদ্ধে হিংস্ৰ আন্দোলনটো আৰম্ভ হৈছে।

খান্দু চৰকাৰে পি আৰ চিৰ মৰ্য্যাদা দিব খোজা গোষ্ঠীকেইটা হৈছে– সোণোৱাল কছাৰী, মৰাণ, দেউৰী, আদিবাসী, গোৰ্খা আৰু মিছিং।

উগ্ৰ প্ৰতিবাদত সেও মানি পেমা খান্দু চৰকাৰে বিধেয়কখন বিধান সভাত উত্থাপন কৰা নহয় বুলি শনিবাৰৰ পৰা ধাৰাৱাহিকভাৱে ঘোষণা কৰি আহিছে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd