NORTHEAST NOW (Assamese)

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

June 25, 2025 4:40 pm · নৰ্থ-ইষ্ট নাও, ডেস্ক

শেহতীয়াকৈ উদয়পুৰত সংঘটিত হৈছে এক ভয়ানক ঘটনা। এখন হোটেলত শেষবাৰৰ বাবে লগ পোৱাৰ অজুহাতত প্ৰেমিকাক মাতি আনি নৃশংসভাৱে হত্যা কৰিলে এজন যুৱকে।

হোটেল কাছা গোল্ডৰ এটা কোঠাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। এই খবৰ পোৱাৰ পিছতে আৰক্ষী ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীৰ নাম নিকিতা। নিকিতা (২২) উদয়পুৰৰ ৰিখাবাদেওৰ বাসিন্দা। নিকিতাৰ প্ৰেমিক অভিযুক্ত বিজয় ভোই। ঘটনাৰ দিনটোত তেওঁলোক হোটেলৰ কোঠাত আছিল। হঠাৎ দুয়োৰে মাজত কাজিয়া আৰম্ভ হল। বিজয়ে নিকিতাৰ মূৰটো বাৰে বাৰে বেৰত থেতেলিয়াই দিয়াৰ বাবে নিকিতাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

হত্যাকাণ্ডৰ পিছত বিজয়ে হাতৰ শিৰা কাটি আত্মহত্যাৰ চেষ্টা চলায়। কিন্তু বিষ সহ্য কৰিব নোৱাৰি চিকিৎসালয়ত ভৰ্তি হয়। ইনষ্টাগ্ৰামৰ পৰা আৰম্ভ হোৱা এই কৰুণ প্ৰেম কাহিনীটো উদয়পুৰৰ হিৰণ মাগ্ৰী অঞ্চলৰ হোটেল কাছা গোল্ডত শেষ হয়।

তদন্তত প্ৰকাশ পাইছে যে নিকিতা আৰু বিজয় ভোইৰ মাজত ইনষ্টাগ্ৰামত যোগাযোগ হৈছিল। তাতেই তেওঁলোকৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিল। এই সম্পৰ্কৰ কথা জানিব পাৰি নিকিতাৰ পৰিয়ালে আন কাৰোবাৰ লগত বিয়া ঠিক কৰি দিলে। পৰিয়ালৰ লোকৰ মতে, নিকিতা আগতে ভাতৃৰ সৈতে ভাড়াঘৰত থাকিছিল। পেছাত এগৰাকী নৃত্যশিল্পী ভৈয়ে বিভিন্ন অনুষ্ঠান কৰিছিল। নিকিতাৰ বিয়াৰ সিদ্ধান্তত বিজয় ক্ষোভিত হৈ পৰিছিল। যাৰ বাবে সি নিকিতাক হত্যা কৰে।

ঘটনাৰ এদিন পিছত মঙলবাৰে বিয়লি হোটেলৰ কোঠাত নিকিতাৰ মৃতদেহ উদ্ধাৰ হয়। এই তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় হিৰণ মাগ্ৰী ষ্টেচনৰ আৰক্ষী। এটা ফৰেনছিক দলে গুৰুত্বপূৰ্ণ প্ৰমাণ সংগ্ৰহ কৰে। আৰক্ষীয়ে এই গোচৰৰ বিস্তৃত তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত নিকিতাৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে চিকিৎসালয়ৰ পৰা বিজয় ভোই সম্পৰ্কে বিতং তথ্য সংগ্ৰহ কৰিছে। সম্প্ৰতি তেওঁৰ জেৰা অব্যাহত আছে।

Related News