ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ দুখন মেচৰ পৰা বাহিৰ ৰবীন্দ্ৰ জাদেজা

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন টেষ্ট মেচৰ সময়ত শনিবাৰে বুঢ়া আঙুলিত আঘাত পোৱা ভাৰতীয় অলৰাউণ্ডৰ ৰবীন্দ্ৰ জাদেজাই ইংলেণ্ডৰ বিৰুদ্ধে আগন্তক শৃংখলাৰ প্ৰথম দুখন টেষ্ট মেচত অংশ ল’ব নোৱাৰে।

ছিডনীত চলি থকা তৃতীয়খন টেষ্টত ভাৰতৰ প্ৰথম ইনিংছত বেটিং কৰাৰ সময়ত, মিচেল ষ্টাৰ্কৰ এটা বলে বাঁওহাতৰ আঙুলীত আঘাত কৰিছিল জাদেজাক।

ইয়াৰ পিছত তেওঁ চিকিৎসা গ্ৰহণ কৰিব লগা হয়। আঘাত গুৰুতৰ হোৱা বাবে তেওঁ অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত বলিং কৰিব নোৱাৰিলে।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ (বিচিচিআই)ৰ এটা উৎসই কয়, ‘ৰবীন্দ্ৰ জাদেজাই ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টৰ পৰা বাহিৰ হৈছে। সম্পূৰ্ণৰূপে সুস্থ হ’বলৈ তেওঁক চাৰিৰ পৰা ছয় সপ্তাহৰ প্ৰয়োজন হ’ব’।

ইংলেণ্ডৰ বিৰুদ্ধে চাৰিখনীয়া টেষ্ট মেচৰ শৃংখলাটো অহা ৫ ফেব্ৰুৱাৰিৰ পৰা চেন্নাইত আৰম্ভ হ’ব। প্ৰথম আৰু দ্বিতীয় খন টেষ্ট চেন্নাইত খেলা হ’ব।

উল্লেখ্য যে ছিডনীৰ তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত বাওঁহতীয়া বলাৰজনে ৪ টা উইকেট দখল কৰাৰ লগতে ২৮ ৰানৰ এক ইনিংছো খেলে।

ইফালে এটা সূত্ৰৰ পৰা জানিব পৰা মতে যদি ছিডনী টেষ্টত প্ৰয়োজন হয় তেন্তে জাদেজাই বিষনাশক বেজী গ্ৰহণ কৰি বেটিং কৰিব।

উৎসটোৱে কৈছে যে, ‘মেচখন বচাবলৈ যদি প্ৰয়োজন হয় তেন্তে জাদেজাই বেটিং কৰিব’।

আনহাতে ভাৰতীয় দলৰ জ্যেষ্ঠ খেলুৱৈ ৰবিচন্দ্ৰন আশ্বিনে কয় যে কিলাকুটিৰ আঘাতত ভুগি থকা ঋষভ পণ্টে দ্বিতীয় ইনিংছত বেটিং কৰিব।

মেচখনৰ তৃতীয় দিনা বেটিং কৰাৰ সময়ত পণ্ট আঘাতপ্ৰাপ্ত হৈছিল। পেট কামিন্সৰ বলে পণ্টৰ কিলাকুটিত আঘাত হানিছিল।

ইয়াৰ পিছত জাদেজা আৰু পণ্টক স্কেনিঙৰ বাবে লৈ যোৱা হৈছিল য’ত পণ্টৰ আঘাত অধিক গুৰুতৰ নহয় বুলি জানিব পৰা যায়।