শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো ঐতিহাসিক শিৱ দৌল প্ৰাংগনত বিষ্ণু দৌলৰ পৰা আজি শ্ৰী শ্ৰী জগন্নাথ প্ৰভু ৰথযাত্ৰা আজি আৰম্ভণি কৰা হয় ।

আহাৰ মাহৰ শুক্লা তিথিত অনুষ্ঠিত কৰা হয় জগন্নাথ প্ৰভূৰ ৰথযাত্ৰা।

এই ৰথযাত্ৰাত শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ প্ৰতীকী ৰাইজৰ সহযোগত শিৱসাগৰৰ নগৰ পৰিভ্ৰমণ কৰা হয় ।

জানিব পৰা মতে আহোম ৰাজত্ব কালৰে পৰাই ঐতিহ্য মণ্ডিত শিৱসাগৰত জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা প্ৰচলিত হৈ আহিছে।

জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাত শিৱসাগৰ নগৰ পৰিভ্ৰমণ কাৰ্য্যত ব্যাপক সহাৰি জনাই ভক্ত সকলে সাফল্য মণ্ডিত কৰি তুলিছে।।

অৱশ্যে এই শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাত অনুষ্ঠানটো অহা ৯ জুলাইত সামৰণি পৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।