“জয় আই অসম” শ্ল’গান, অসমক ভাল পাই বিপদত পৰিল ৬জনকৈ ACS বিষয়া

কা-বিৰোধ কৰি চৰকাৰৰ আক্ৰোশৰ বলি হৈছে চৰকাৰী বিষয়া

Assam-Secretariat

নাগৰিকত্ব (সংশোধন) বিধেয়কৰ বিৰুদ্ধে চাৰিওফালে প্ৰতিবাদ হৈ থকাৰ মাজতে ছ’চিয়েল মিডিয়াৰ পোষ্ট আৰু মন্তব্যৰ বাবে ৬জনকৈ এ চি এছ বিষয়াক চৰকাৰে “বদলি” কৰাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

পাৰ্ছনেল বিভাগ (এ)ৰ সচিব বিনীতা পেগুৰ দ্বাৰা ১৯ ডিচেম্বৰত জাৰি কৰা মেমো নং AAA.15/2017/18-J-ৰ জৰিয়তে বিষয়াকেইজনক বদলি কৰা হৈছে।

কিছুমান লক্ষণীয় স্থিতিৰ পিছতে চৰকাৰে বদলি কৰা বিষয়াকেইজন হ’ল-

 

ভুক্তভোগী বিষয়াকেইজনে এই বিষয়ত কোনো মন্তব্য কৰা নাই আৰু একাংশই ইয়াক নিয়মীয়া ৰদবদলৰ অংশ বুলি কৈছে যদিও চৰকাৰৰ প্ৰতিশোধমূলক মনোভাবত অসন্তুষ্ট হৈছে অসমৰ আমোলা মহল।

পাৰ্ছনেল বিভাগ (এ)ৰ সচিব বিনীতা পেগুৰ সৈতে একাধিকবাৰ যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও তেওঁক ফোনত পোৱা নগ’ল।

আমোলা মহলৰ এটা সূত্ৰই নৰ্থ-ইষ্ট নাওক কয় যে ইয়াৰে এগৰাকী বিষয়াক তেওঁ তেওঁৰ জীয়েকে CAA-বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ ফটো ছ’চিয়েল মিডিয়াত আপল’ড কৰাৰ পিছতে বদলি কৰা হয়।

আন এজন বিষয়াই গুৱাহাটীত কটনৰ ছাত্ৰসকলে কৰা শান্তিপূৰ্ণ প্ৰতিবাদৰ পোষ্ট দিছিল।

এজন বিষয়া তেওঁৰ ছ’চিয়েল মিডিয়া কমেণ্ট “জয় আই অসম”ৰ বাবে চৰকাৰৰ ৰোষত পৰে।

একেদৰে তেওঁলোকৰ এজনলৈ তেওঁৰ মন্তব্য “Ratnakaar verses Kanchanjungha” (ৰত্নাকৰ বনাম কাঞ্চনজংঘা)-এ বদলিৰ বিপদ চপাই আনে।

লগতে পঢ়ক দল-সংগঠনৰ হুমকিত নিলম্বিত অসমীয়া শিক্ষয়িত্ৰীক পুনৰ পদত বাহাল ৰাখিলে জৱাহৰ নৱোদয় বিদ্যালয়ে

তেওঁলোকে চৰকাৰী নীতিৰ বাবে এতিয়াও মুখ খোলা নাই যদিও তেওঁলোকৰ “বদলি”ক লৈ ইতিমধ্যে বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে।

মন কৰিব লগীয়া যে CAA-ৰ বিৰোধিতাত সমৰ্থন আগ বঢ়োৱা বাবে বন্দিতা বৰা নামৰ কম্পিউটাৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী এগৰাকীক যোৱা ২৪ ডিচেম্বৰত বৰ্খাস্ত কৰিছিল তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ে। দল-সংগঠনৰ হেঁচাত পিছত তেওঁক পুনৰ আগৰ পদত বাহাল ৰাখিবলৈ বাধ্য হয় কৰ্তৃপক্ষ।