NORTHEAST NOW (Assamese)

পুলৱামা কাণ্ডৰ তদন্তত NIA-ৰ বৃহৎ সাফল্য; গ্ৰেপ্তাৰ শীৰ্ষস্থানীয় জইচ-ই-মহম্মদৰ চোৰাংচোৱা

February 29, 2020 10:04 am · এন ই নাও নিউজ
পুলৱামা কাণ্ডৰ লগত জড়িত জইচ-ই-মহম্মদৰ সদস্য গৰাকী

পুলৱামা কাণ্ডৰ তদন্তত বৃহৎ সাফল্য লাভ কৰিছে তদন্তকাৰী সংস্থা নিয়াই। নিয়াই ঘটনাৰ লগত জড়িত জইচ-ই-মহম্মদৰ এগৰাকী শীৰ্ষ স্থানীয় চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ হোৱা জইচ-ই-মহম্মদৰ চোৰাংচোৱা গৰাকীৰ নাম চাকিব বাশিৰ বুলি জানিব পৰা গৈছে।

ধৃত চাকিব বাশিৰৰ ঘৰ পুলৱামাৰ কাকপোৰাত। পুলৱামাতেই চাকিবৰ এখন হাৰ্ডৱেৰৰ দোকান আছে।

চি আৰ পি এফৰ কনভয়ত আক্ৰমণকাৰী আত্মঘাটি বোমাৰু আদিল আহমেদ দাৰক আশ্ৰয় আৰু আক্ৰমণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছিল চাকিবে।

আনহাতে, ২০১৮ চনত মহম্মদ উমৰ ফাৰুক নামৰ এগৰাকী পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে চাকিবৰ বাৰ্তালাপ হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ জইচ-ই-মহম্মদত যোগদান কৰিছিল বুলিও নিয়াই তদন্তত প্ৰকাশ কৰিছে।

পুলৱামাৰ উপৰিও জম্মু-কাশ্মীৰত সংঘটিত একাধিক আক্ৰমণত চাকিব জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে নিয়াই।

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষৰ ১৪ ফেব্ৰুৱাৰিত কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ আত্মঘাটি আক্ৰমণত ৪০ গৰাকী চিআৰপিএফ জোৱান চহিদ হৈছিল।

অসমৰ বাগছা জিলাৰ মনেশ্বৰ বসুমতাৰী নামৰ চিআৰপিএফৰ জোৱান গৰাকী উক্ত আক্ৰমণত চহিদ হৈছিল।

Related News