NORTHEAST NOW (Assamese)

স্ব-গৃহ গোলাঘাটত ইছলাম ধৰ্মৰ নিয়মেৰে কন্ঠশিল্পী দ্বীপেন বৰুৱা পত্নীৰ জানাজা সম্পন্ন

October 2, 2021 6:59 pm · মীনাক্ষী ফুকন,গোলাঘাট
Updated: October 2, 2021 7:03 pm

কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ পত্নী চৈয়দা জ্যোৎস্না ৰহমানৰ আকস্মিক বিয়োগৰ পিছত আজি গোলাঘাট নগৰৰ কুমাৰপট্টীৰ মাতৃগৃহলৈ শিল্পী গৰাকীৰ পত্নীৰ নশ্বৰ দেহ অনা হয়।

এক শোকাকুল পৰিবেশত সম্পূৰ্ণ ইছলাম ধৰ্মৰ নিয়মেৰে জানাজা সম্পন্ন কৰা হয় জ্যোৎস্না ৰহমানৰ।

শুকুৰবাৰে নিশা দ্বীপেন বৰুৱাৰ পত্নী জ্যোৎস্না ৰহমানৰ আকস্মিক বিয়োগত তেওঁৰ মাতৃগৃহৰ লগতে গোলাঘাট চহৰতো শোকৰ ছাঁ পৰে।

জ্যোৎস্না ৰহমানৰ মৃত্যুত তেওঁৰ ভাতৃ,ভগ্নীসকল শোকাৰ্ত হৈ পৰাৰ লগতে দ্বীপেন বৰুৱাৰ সংসাৰৰ স্মৃতি ৰোমন্থন কৰে ।

জানিব পৰা মতে কিছুদিন ধৰি সামান্য অসুস্থ হৈ আছিল জ্যোৎস্না ৰহমান আৰু বাথৰুমলৈ যাওঁতে আকস্মিকভাৱে অজ্ঞান হৈ পৰাৰ পিছতে মৃত্যুক সাৱটি লয় শিল্পী গৰাকীৰ পত্নীয়ে।

Related News