NORTHEAST NOW (Assamese)

কেতিয়া উভটিব ভাৰতীয় দললৈ? অৱশেষত উত্তৰ দিলে ধোনীয়ে

November 28, 2019 10:38 am · এন ই নাও নিউজ
মহেন্দ্ৰ সিং ধোনী, উৎস-ইণ্টাৰনেট

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ভাৰতীয় দললৈ কেতিয়া প্ৰত্যাৱৰ্তন হ’ব বা ক্ৰিকেটাৰগৰাকীয়ে কেতিয়া অৱসৰ ঘোষণা কৰিব তাক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত চলিছে ব্যাপক চৰ্চা।

ধোনীয়ে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ ল’ব নে নাই তাক লৈ ইতিমধ্যে বহু ক্ৰিকেটাৰ তথা বিশেষজ্ঞই বিভিন্ন সময়ত ভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

দুদিন পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ধোনী প্ৰসংগত মন্তব্য কৰি আই পি এললৈ ক্ৰিকেটপ্ৰেমী সকলক অপেক্ষা কৰিব কৈছিল। কিন্তু ইয়াৰ বিপৰীতে মুখ্য নিৰ্বাচক এম এছ কে প্ৰসাদে ধোনীৰ বিপৰীতে ভৱিষ্যতৰ কথাহে চিন্তা কৰি থকা বুলি মন্তব্য কৰিছিল।

এনেবোৰ বিতৰ্ক চলি থকাৰ সময়তে বুধবাৰে ধোনীয়ে নিজৰ ভৱিষ্যৎ সম্পৰ্কে আগবঢ়ালে মত। তেওঁ কয়, ‘জানুৱাৰিলৈকে কোনেও মোক একো নুশুধিব’।

উল্লেখ্য যে ৩৮ বছৰীয়া ধোনীয়ে বিশ্বকাপ প্ৰতিযোগিতাৰ ছেমিফাইনেলৰ পিছৰে পৰা ক্ৰিকেট জগতৰ পৰা আঁতৰি আছে। বিশ্বকাপত আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হোৱাত বহুতে অৱসৰৰ প্ৰসংগতো উত্থাপন কৰি আহিছিল।

সংবাদ মাধ্যম তথা ক্ৰিকেটপ্ৰেমীৰ পৰা আঁতৰি থকা ধোনীয়ে বুধবাৰে মুম্বাইত এটা কাৰ্যসূচীত অংশ ল’বলৈ অহাত তেওঁক সাংবাদিকে কেতিয়ালৈকে ক্ৰিকেটৰ পৰা আঁতৰি থাকিব বুলি প্ৰশ্ন কৰে। প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘জানুৱাৰিলৈকে একো নুশুধিব’।

ইফালে কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ অনূৰ্ধ্ব ২৩ দলৰ সৈতে অনুশীলন কৰা দেখা গৈছিল ধোনীক। তেতিয়াৰ পৰাই তেওঁৰ প্ৰত্যাৱৰ্তনক লৈ পুনৰ আৰম্ভ হৈছে চৰ্চা।

ধোনী সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মন্তব্য দি থকাৰ সময়তে বি চি চি আইৰ অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পিছতে সৌৰভ গাংগুলীয়ে তেওঁক আন মহান খেলুৱৈৰ দৰে সন্মান প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰিছিল।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক ৰূপে পৰিচিত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে ভাৰতীয়ে ক্ৰিকেট দলে ২০০৭ চনৰ টি-২০ বিশ্বকাপ, ২০১১ৰ এদিনীয়া বিশ্বকাপৰ লগতে চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ধোনীয়ে ৯০ খন টেষ্ট, ৩৫০ খন এদিনীয়া আৰু ৯৮ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অংশ লৈ ১৭ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে।

Related News