NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰীৰে সাক্ষাৎ কালত অসমৰ সৈতে জাপানৰ সহযোগিতা অক্ষুণ্ণ ৰখাৰ প্ৰতি আগ্ৰহ প্ৰকাশ জাপানৰ ৰাষ্ট্ৰদূতৰ

March 3, 2020 7:20 pm · এন ই নাও নিউজ
জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে অসমৰ মুখ্য মন্ত্ৰী

জাপানৰ ৰাষ্ট্ৰদূত চন্তোচি চুজুকীয়ে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জনতা ভৱনত সাক্ষাৎ কৰে।

সাক্ষাৎ কালত দুয়োগৰাকী নেতাই জাপান আৰু অসমৰ মাজত থকা শক্তিশালী আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত একেলগে কাম কৰাৰ ক্ষেত্ৰত সহমত পোষণ কৰে।

ৰাজ্যখনৰ উন্নয়নৰ দিশত জাপানে আগবঢ়োৱা অবিৰত সহায়-সহযোগিতাৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে জাপানৰ ৰাষ্ট্ৰদূত গৰাকীক জাইকাৰ সহায্যপ্ৰাপ্ত গুৱাহাটী মহানগৰীৰ খোৱাপানী যোগানৰ প্ৰকল্প অতিশীঘ্ৰে সম্পন্ন কৰাৰ দিশতো চোৱা-চিতা কৰাৰ বাবেও আহ্বান জনায়।

এই প্ৰসংগত জাপানৰ ৰাষ্ট্ৰদূত গৰাকীয়ে মুখ্য মন্ত্ৰীক জনাই যে তেওঁ নিজে প্ৰকল্পথলী পৰিদৰ্শন কৰিছে।

ৰাষ্ট্ৰদূত গৰাকীয়ে এই প্ৰকল্পটো দ্ৰুততাৰে সম্পন্ন হোৱাৰ দিশত জাপান আন্তৰ্জাতিক সহযোগিতা এজেন্সিৰ সৈতে সঘনাই যোগাযোগত থাকিব বুলিও লগতে কয়।

মুখ্য মন্ত্ৰী সোণোৱালে জাপানৰ ৰাষ্ট্ৰদূত গৰাকীৰ সৈতে পথ যোগাযোগ ব্যৱস্থা, জীৱিকাৰ সৃষ্টি, মহিলা সৱলীকৰণ, যুৱ মত-বিনিময়ৰ অনুষ্ঠান তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজত প্ৰত্যক্ষ যোগাযোগ ইত্যাদিৰ দৰে বিষয়সমূহো আলোচনা কৰে।

আনহাতে, অসমৰ সৈতে জাপানৰ সহযোগিতা অক্ষুণ্ণ থকাৰ বিষয়ে দোহাৰি জাপানৰ ৰাষ্ট্ৰদূত গৰাকীয়ে ৰাজ্যখনৰ পথ প্ৰকল্প দলং, নিৰ্মাণখণ্ড, স্বাস্থ্য খণ্ড আৰু খাদ্য সংসাধন ইত্যাদিৰ দৰে ক্ষেত্ৰ সমূহত জাপানে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী বুলি কয়।

Related News