ভাৰতীয় ক্ৰিকেটত ন-ইতিহাসঃ টেষ্ট ৰেংকিঙৰ শীৰ্ষত বুমৰাহ

Jasprit Bumrah

ভাৰতীয় ক্ৰিকেটৰ বলিং আক্ৰমণৰ মেৰুদণ্ড স্বৰূপ যশপ্ৰীত বুমৰাহে ৰচিছে এক নতুন ইতিহাস। ইংলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলাত অব্যাহত ৰখা দমনীয় প্ৰদৰ্শনৰ সুবাদত বুমৰাহে দখল কৰিছে আইচিচি টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থান।

দেশৰ প্ৰথমগৰাকী পেচাৰ হিচাপে এই কৃতিত্ব অৰ্জন কৰি অনন্য ইতিহাসৰ গৰাকী হৈছে বুমৰাহ। দলীয় সতীৰ্থ ৰবিচন্দ্ৰন অশ্বিনক অতিক্ৰম কৰি বুমৰাহে তৃতীয় স্থানৰ পৰা বলাৰ ৰেংকিঙৰ শীৰ্ষস্থান আৰোহণ কৰিছে।

উল্লেখ্য যে, বুমৰাহৰ এই কৃতিত্বৰ পূৰ্বে এগৰাকী ভাৰতীয় পেচাৰৰ সৰ্বোচ্চ ৰেংকিং আছিল দ্বিতীয় স্থান। ১৯৭৯ চনৰ ডিচেম্বৰৰ পৰা ১৯৮০ চনৰ ফেব্ৰুৱাৰীলৈকে কপিল দেৱে ৰেংকিঙৰ দ্বিতীয় স্থান লাভ কৰিছিল।

টেষ্ট ৰেংকঙৰ শোৰ্ষস্থান আৰোহণেৰে বুমৰাহে লগতে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে শীৰ্ষস্থান দখল কৰা প্ৰথমগৰাকী বলাৰ হিচাপে পৰিগণিত হয়। সম্প্ৰতি বুমৰাহে ৮৮১ ৰেটিং পইণ্টেৰে টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানত আছে।

আনহাতে ৮৫১ ৰেটিং পইণ্টেৰে দক্ষিণ আফ্ৰিকাৰ কেগিছো ৰাবাডা দ্বিতীয়ত আৰু ভাৰতীয় স্পিনাৰ অশ্বিন ৮৪১ ৰেটিং পইণ্টেৰে তৃতীয় স্থানত আছে। ৭৪৬ ৰেটিং পইণ্টেৰে নৱম স্থানত আছে আন এগৰাকী ভাৰতীয় তাৰকা জাদেজা।

উল্লেখ্য যে, বুমৰাহে বিশাখাপট্টনমত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টেষ্টত দুয়োটা ইনিংছত ৯১ ৰানত ৯ টা উইকেট দখল কৰি ভাৰতৰ জয়ত মুখ্য ভূমিকা লৈছিল। প্ৰথম টেষ্টতো বুমৰাহৰ দখললৈ আহিছিল ৬টা উইকেট।

ইফালে ভাৰতৰ উদীয়মান অ’পেনাৰ যশস্বী জয়ছোৱালেও টেষ্ট ৰেংকিঙত ক্ৰমশঃ উত্থান ঘটাইছে। বিশাখাপট্টনমত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ২০৯ ৰাণৰ ইনিংছটোৰে ৩৭ টা স্থানৰ উত্তৰণ ঘটাই ২৯ নং স্থানত উপনীত হৈছে।