এসময়ত ২০০ টকাৰ বাবে খেলিছিল ক্ৰিকেট, আজি ভাৰতীয় টেষ্ট দলত ঘটিল অভিষেক

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনীত আজিৰ পৰা আৰম্ভ হোৱা তৃতীয়খন মেচত ভাৰতীয় দলত অভিষেক ঘটিছে বেগী বলাৰ নৱদীপ চাইনীৰ।

ভাৰতীয় টেষ্ট দলত অভিষেক ঘটা নৱদীপ চাইনী হ’ল ২৯৯ সংখ্যক ক্ৰিকেটাৰ। চাইনীক টেষ্ট কেপটো দিয়ে যশপ্ৰীত বুমৰাহে।

২৮ বছৰীয়া চাইনীয়ে ধাৰাবাহিকভাৱে ঘণ্টাত ১৪০ কিলোমিটাৰ গতি বেগত বল দি থাকিব পৰা ক্ষমতা আছে।

চাইনীয়ে ভাৰতৰ হৈ ৯খন আন্তঃৰাষ্ট্ৰীয় টি-২০ আৰু ৭খন এদিনীয়া মেচত অংশ লৈছে। টি-২০ত ১৩টা আৰু এদিনীয়াত ৬টা উইকেট এইতিয়ালৈকে দখল কৰিছে।

হাৰিয়ানাৰ কৰনাল জন্ম গ্ৰহণ কৰা চাইনীয়ে অৱশ্য ৰঞ্জি দিল্লীৰ হৈ খেলে।

বহু লোকে হয়তো নাজানে যে চাইনীয়ে এসময়ত কৰনালৰ স্থানীয় টুৰ্ণামেণ্টত খেলাৰ হৈ প্ৰতি মেচত ২০০ টকাকৈ লাভ কৰিছিল।

লক্ষ্যণীয় কথা যে তেওঁ ২০১৩ চনলৈকে লেডাৰ বল খেলি পোৱা নাছিল। তেওঁ খেলিছিল টেনিছ বল ক্ৰিকেট।

উল্লেখ্য যে কৰনাল প্ৰীমিয়াৰ লীগত দিল্লীৰ প্ৰাক্তন বলাৰ সুমিত নৰৱালে চাইনীৰ বলিঙত সন্তুষ্ট হৈ তেওঁক দিল্লীলৈ লৈ আহে।

দিল্লীত অহাৰ পিছত প্ৰথমে তেওঁ গৌতম গম্ভীৰক নেটত বল কৰে। গম্ভীৰে চাইনীৰ বলিং দেখি খুব আকৰ্ষিত হোৱাৰ লগতে সদায় নেট অনুশীলনত আহিবলৈ কয়।

গৌতম গম্ভীৰৰ আশীৰ্বাদ তথা চাইনীৰ দুৰ্দান্ত প্ৰতিভাৰ বলত তেওঁ ২০১৩-১৪ বৰ্ষৰ বাবে দিল্লীৰ ৰঞ্জি দলত নিৰ্বাচিত হয়।

আৰু এই সুযোগৰ পিছত তেওঁ আৰু আজিলৈ ঘূৰি চাবলগীয়া হোৱা নাই।

চাইনীয়ে প্ৰথম শ্ৰেণী ক্ৰিকেটত ৪৫৬খন মেচ খেলি ১২৮টা উইকেট সংগ্ৰহ কৰিছে। তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হ’ল ৩২ ৰানত ৬টা উইকেট।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত চাইনীয়ে এটা ইনিংছত চাৰিবাৰ পাঁচটা উইকেট দখল কৰিছে।

২০১৮ চনত প্ৰথমবাৰৰ বাবে আফগানিস্তানৰ বিৰুদ্ধে চাইনীয়ে ১৫ জনীয়া ভাৰতীয় টেষ্ট দলত স্থান লাভ কৰিছিল আৰু তেতিয়া তেওঁ গৌতম গম্ভীৰক ধন্যবাদ জনাইছিল।

চাইনীয়ে গম্ভীৰৰ বিষয়ে মন্তব্য কৰি কয় যে মই যেতিয়াই তেওঁৰ কথা ভাবো তেতিয়াই আবেগিক হৈ পৰো। দিল্লীৰ হৈ খেলোতে তেওঁ মোক প্ৰায়েই কৈছিল যে এনেদৰে প্ৰদৰ্শন কৰি থাকিলে অতি শীঘ্ৰে মই ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হম।