অসমৰ ৰাজনৈতিক মঞ্চত আজি আত্মপ্ৰকাশ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ। মৰাণ জনজাতিৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰি সমগ্ৰ জনগণক সচেতন, সংৰক্ষণ, উন্নয়ন আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে মৰাণ জনজাতিৰ প্ৰথম ৰাজনৈতিক দল ‘জাতীয় গণ মঞ্চ’ গঠন কৰিছে।
সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ সাহিত্য সভা, সদৌ মৰাণ ক’লা-সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু মৰাণ জাতীয় শৈক্ষিক বিকাশ মঞ্চই আয়োজন কৰা তিনিচুকীয়াৰ কাকপথাৰত অনুষ্ঠিত এক বিশাল গণ সমাবেশত এই ঘোষণা কৰা হয়। ২০২৩ চনত তিনিচুকীয়াত আয়োজিত মৰাণ জাতীয় অভিৱৰ্তনৰ সিদ্ধান্তৰ আধাৰত এই মঞ্চ গঠনৰ ঘোষণা কৰা হয় বুলি সদৰী কৰিছে। উপস্থিত হাজাৰ হাজাৰ জনগণৰ আগত উদ্বোধন কৰে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই। সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ দহোতীয়া আৰু সম্পাদক হিচাপে দায়িত্ব লয় সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা ভূলেন মৰাণে।
একে সময়তে সমান্তৰালভাৱে গঠন কৰা হয় জাতীয় মহিলা মঞ্চ আৰু মৰাণ জাতীয় যুৱ মঞ্চ। গুনন্দা বড়া মৰাণক জাতীয় মহিলা মঞ্চৰ সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হয়, দুলীমা বড়া দুৱৰা আৰু সবিতা মৰাণে সম্পাদিকা হিচাপে দায়িত্ব গ্ৰহণ কৰে।
সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণে সংবাদমাধ্যমত প্ৰকাশ কৰা অনুসৰি, অসম মৰাণ সভাৰ গণনা অনুসৰি ৰাজ্যত বৰ্তমান ১.৫৩ লাখ মৰাণ জনজাতিয় লোক আছে। ইয়াৰে ভিতৰত ৮৫ হাজাৰৰ ভোটাধিকাৰ আছে। বহুসময় ধৰি জনজাতিটোৱে ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে বুলি দাবী জনাই। সেয়ে ‘জাতীয় গণ মঞ্চ’ৰ জড়িয়তে মৰাণ স্বায়ত্তশাসিত পৰিষদত শক্তিশালী পৰিষদ গঠন কৰাৰ লক্ষ্য বান্ধিছে।
উল্লেখযোগ্য যে ৰাজ্যৰ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গলেকী, ধেমাজি, মৰাণ, শিৱসাগৰ আৰু চৰাইদেউ মিলি ৩০টা সমষ্টি নিৰ্ধাৰিত কৰা হৈছে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে। ইয়াৰে ৫টা সমষ্টি মহিলাৰ বাবে সংৰক্ষিত থাকিব। প্ৰতিটো সমষ্টিত প্ৰায় ২৮০০-৩০০০ ভোটাৰ থাকিব। ইতিমধ্যে নতুন দলটোৰ পৰা বহু প্রাক্তন আৰু বৰ্তমান নেতা নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে।
নতুন দলটোৰ প্ৰথম সভাপতি হিৰণ্য কুমাৰ দহোতীয়াই মৰাণ জনগণক দলটোক নিজৰ সংগঠন হিচাপে গ্ৰহণ কৰি সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।