• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰসংগ ‘এনিমেল’!এনে ছবিৰ সফলতা অত্যন্ত বিপজ্জনকঃ ক’লে জাভেদ আখতাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2024 3:00 pm
Animal Javed Akhtar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্দীপ ৰেড্ডী ভাংগা পৰিচালিত তথা ৰণবীৰ কাপুৰ অভিনীত বলীউডৰ ছবি ‘এনিমেল’- এ বিগত বৰ্ষত খলকনি তুলিলে বক্সঅফিছত। ছবিগৃ্হত অত্যন্ত সফলতাৰে চিনেমাখনে বিশ্বজুৰি প্ৰায় ৯০০ কোটি টকা উপাৰ্জন কৰিছে।

এনে সাফল্যৰ পিছতো অৱশ্যে চিনেমাখনক লৈ যথেষ্ট সমালোচনাও হৈছে। একাংশ দৰ্শক আৰু সমালোচকে ‘এনিমেল’ক চৰম পুৰুষতান্ত্ৰিক, নাৰীবিদ্বেষী আৰু নিৰ্মমভাৱে হিংসাত্মক বুলি অভিহিত কৰিছে।

তাৰ মাজতে প্ৰখ্যাত গীতিকাৰ তথা লেখক জাভেদ আখতাৰে কৰিছে এক বিশেষ মন্তব্য। এনিমেল ছবিৰ নাম নোলোৱাকৈয়ে জাভেদ আখতাৰে সমস্যাজনক দৃশ্য থকা ছবিৰ বাণিজ্যিক সফলতা এক বিপজ্জনক ধাৰা বুলি মন্তব্য কৰে।

চলিত সপ্তাহৰ আৰম্ভণিতে ঔৰংগাবাদত অনুষ্ঠিত অজন্তা এলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চিনেমাৰ সাম্প্ৰতিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰি এইদৰে মন্তব্য কৰে ৭৮ বছৰীয়া চিত্ৰনাট্যকাৰগৰাকীয়ে।

আখতাৰৰ মতে, বৰ্তমানৰ যুৱ ছবি নিৰ্মাতাসকলৰ বাবে এয়া এক পৰীক্ষাৰ সময় যে তেওঁলোকে কেনেধৰণৰ চৰিত্ৰ সৃষ্টি কৰিব বিচাৰে, যিসমূহ চৰিত্ৰক দৰ্শকে পচন্দ কৰিব।

“উদাহৰণস্বৰূপে, যদি কোনো ছবিত এজন পুৰুষে এগৰাকী মহিলাক নিজৰ জোতা চেলেকিবলৈ কয় বা যদি কোনো পুৰুষে এগৰাকী মহিলাক চৰ মাৰিলেও ঠিকেই আছে বুলি কয় আৰু তাৰ পিছতো যদি ছবিখন ছুপাৰ ডুপাৰ হিট হয়, তেন্তে সেয়া অতি বিপজ্জনক।”- আখতাৰে কয়।

আপাত দৃষ্টিত কোনো ছবিৰ নাম উল্লেখ নকৰাকৈ জাভেদ আখতাৰে ‘এনিমেল’ৰ এটা মূল দৃশ্যৰ কথাই উল্লেখ কৰে। এনিমেলৰ এটা দৃশ্যত ছবিখনৰ মুখ্য চৰিত্ৰ ৰণবিজয়ে (ৰণবীৰ কাপুৰ) তেওঁৰ প্ৰেয়সী জ’য়া (তৃপ্তী ডিমৰী)ক তেওঁৰ প্ৰতি থকা প্ৰেম প্ৰমাণ কৰিবলৈ তেওঁৰ জোতা চেলেকিবলৈ কয়।

অৱশ্যে প্ৰবীণ চিত্ৰনাট্যকাৰগৰাকীয়ে লগতে কোনখন ছবি গ্ৰহণ কৰিব আৰু কোনখন ছবি প্ৰত্যাখ্যান কৰিব সেয়া নিৰ্ণয় কৰাৰ দায়িত্ব দৰ্শকৰ ওপৰত বুলি মন্তব্য কৰে। আখতাৰে লগতে চেলুলয়ডত এজন নায়কৰ প্ৰতিনিধিত্বক লৈ লেখকসকল যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলিও উল্লেখ কৰে।

দৰ্শকৰ মাজতে থকা বিভ্ৰান্তিৰ বাবে সম্প্ৰতি লেখকসকলে পৰ্দাত কেনেকুৱা নায়কক উপস্থাপন কৰিব সেই লৈ বিভ্ৰান্তিত পৰিছে বুলি মন্তব্য কৰে জাভেদ আখতাৰে। তেওঁৰ মতে মূলতঃ দৰ্শকেই চৰিত্ৰৰ উপস্থাপনত মুখ্য ভূমিকা লয়।

“যেতিয়া দৰ্শকে কি সঠিক আৰু কি ভুল সেই বিষয়ে স্পষ্ট হয়, তেতিয়া লেখকসকলে ডাঙৰ চৰিত্ৰসমূহ অন্তৰ্ভুক্ত কৰে। কিন্তু যেতিয়া দৰ্শকে কি উচিত আৰু কি ভুল বুজিব নোৱাৰে, তেতিয়া লেখকসকলে মহান চৰিত্ৰ সৃষ্টি কৰিব নোৱাৰে।”- জাভেদ আখতাৰে লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd